• মাটিৰে নিৰ্মিত এইকেইটা বস্তুৰ ব্যৱহাৰেও আপোনাৰ ভাগ্য মুকলি কৰিব পাৰে, আজিয়েই ঘৰলৈ লৈ আহক আৰু চাওক অলৌকিকতা!

    জীৱন শৈলী
    মাটিৰে নিৰ্মিত এইকেইটা বস্তুৰ ব্যৱহাৰেও আপোনাৰ ভাগ্য মুকলি কৰিব পাৰে, আজিয়েই ঘৰলৈ লৈ আহক আৰু চাওক অলৌকিকতা!

    ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰৰ
    মতে ঘৰত ব্যৱহৃত সকলো বস্তুৰ নিজস্ব গুৰুত্ব আছে। হিন্দুধৰ্মত পূজাৰ সময়ত মাটিৰ বস্তু
    ব্যৱহাৰ কৰা হয়। যেনে- মাটিৰ চাকি, ভগৱানৰ মূৰ্তি আৰু বাচন আদি। মাটিৰে তৈয়াৰী বস্তুৰ
    ব্যৱহাৰৰ ওপৰত শাস্ত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে যদি
    কিছুমান মাটিৰ বস্তু ঘৰত ৰখা হয়, তেন্তে ঘৰত ধনাত্মক শক্তি সঞ্চাৰ হোৱাৰ লগতে আৰ্থিক
    সমস্যাৰ পৰা মুক্তি দিয়ে। মাটিৰে নিৰ্মিত এইকেইটা বস্তুৰ বিষয়ে জানো আহক।



     মাটিৰ মূৰ্তি-



    বাস্তুশাস্ত্ৰত বিশেষকৈ মাটিৰ মূৰ্তিক
    অতি শুভ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত ঘৰৰ মন্দিৰত মাটিৰে নিৰ্মিত মূৰ্তিহে ৰখা
    উচিত। কোৱা হয় যে মালক্ষ্মীৰ মাটিৰে নিৰ্মিত মূৰ্তি ঘৰত ৰাখিলে আশীৰ্বাদ প্ৰদান কৰে।



     মাটিৰ চাকি-



    হিন্দুধৰ্মত মাটিৰ চাকিৰ যথেষ্ট
    গুৰুত্ব আছে। কোৱা হয় যে ইয়াৰ অবিহনে কোনো ধৰ্মীয় অনুষ্ঠান সম্পূৰ্ণ নহয়। বৰ্তমানে
    সকলোৰে ঘৰত প্ৰায়ে ধাতুৰ চাকি ব্যৱহাৰ কৰা হয়। কিন্তু বাস্তুশাস্ত্ৰত কেৱল মাটিৰ
    চাকিহে শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ঘৰত মাটিৰ চাকি জ্বলালে ধনাত্মক শক্তিৰ
    সঞ্চাৰ ঘটে।



     মাটিৰ পাত্ৰ-



    গৰমৰ দিনত ঠাণ্ডা পানী খোৱাৰ বাবে
    মাটিৰ পাত্ৰ ঘৰত ৰখা হয়। স্বাস্থ্যৰ লগতে ইয়াক বাস্তুৰ মতে শুভ বুলিও গণ্য কৰা হয়।
    বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ উত্তৰ দিশত মাটিৰ কলহত পানী ভৰাই ৰাখিলে ঘৰত সুখ-সমৃদ্ধি বিৰাজ
    কৰে। কিন্তু মনত ৰাখিব যে কলহটো সদায় পানীৰে ভৰি থাকিব লাগে।



     মাটিৰ টাব-



    আজিকালি মানুহে ঘৰত প্লাষ্টিক বা
    চিমেণ্টৰ টাব ব্যৱহাৰ কৰে। কিন্তু বাস্তুত মাটিৰ পাত্ৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।
    সেয়েহে ইয়াক শুভ বুলি গণ্য কৰা হয়। এনে অৱস্থাত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰি ঘৰত ফুৰগছ
    ৰোপণ কৰিব লাগে। ইয়াৰ ফলত ঘৰৰ নেতিবাচক শক্তি দূৰ হয় আৰু সুখ-শান্তিয়ে বিৰাজ কৰে।