• পুৰুষ আৰু নাৰীৰ বিষয়ে কি কৈ গৈছে চাণক্যই? জানো আহক

    জীৱন শৈলী
    পুৰুষ আৰু নাৰীৰ বিষয়ে কি কৈ গৈছে চাণক্যই? জানো আহক
    ডিজিটেল ডেস্কঃ চাণক্যই পুৰুষ আৰু নাৰীৰ বিষয়ে বহু কথাই কৈছে।তেওঁ পুৰুষ আৰু নাৰীৰ আহাৰ-বিহাৰকলৈ শ্লোকৰ জড়িয়তে বহু কথাই ব্যক্ত কৰি গৈছে।   চাণক্যই নাৰীৰ আহাৰৰ বিষয়ে এই শ্লোকত উল্লেখ কৰি গৈছে। দৰাচলতে বাৎসায়নৰ কামসূত্ৰৰ ৰচক আছিল চাণক্য। চাণক্যই বাৎসায়ন ছদ্ম নামেৰে কামসূত্ৰ ৰচনা কৰিছিল। 

    সেইবাবেই নাৰীৰ চৰিত্ৰ ভালদৰেই বুজি পাইছিল চাণক্যই। চাণক্যৰ মতে নাৰীৰ আহাৰ পুৰুষৰ আহাৰৰ দুগুণ, বুদ্ধি পুৰুষৰ তুলনাত চাৰিগুণ, সাহস ছয়গুণ আৰু কামনা-বাসনা আঠ গুণ হয়।চাণক্যৰ মতে পুৰুষৰ তুলনাত নাৰীয়ে দুগুণ আহাৰ গ্ৰহণ কৰে। 

    পুৰুষে আহাৰ গ্ৰহণৰ ক্ষেত্ৰত খৰখেদা কৰে, ফলত আহাৰৰ প্ৰকৃত সোৱাদ লাভ কৰিব নোৱাৰে। নাৰীয়ে লাহে লাহে প্ৰতিটো বস্তুৰ সোৱাদ লৈ আহাৰ গ্ৰহণ কৰে। সেইবাবে পুৰুষৰ তুলনাত নাৰীৰ আহাৰ গ্রহণ দুগুণৰ সমপৰ্যায়ৰ হয়। 

    একেদৰে বুদ্ধিত পুৰুষৰ তুলনাত নাৰী চাৰিগুণ বেছি উন্নত। পুৰুষে যিকোনো কথাৰ সিদ্ধান্ত হঠাতে লৈ পেলায় যদিও নাৰীয়ে বহু ভাবি-চিন্তিহে কোনো এটা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে। পুৰুষতকৈ নাৰীৰ কামনা আঠগুণ বেছি বুলি চাণক্যই কৈ গৈছে।