ডিজিটেল ডেস্কঃ শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হোৱাত আপুনি অসুবিধা পাইছে নেকি? যদি আপোনাৰ এই সমস্যা আছে, তেন্তে কিছুমান শাক-পাচলি সেৱন কৰি আপুনি এই সমস্যাৰ পৰা মুক্তি পাব পাৰে। কলেষ্টেৰল নিয়ন্ত্ৰণ কৰা এই ৪বিধ শাকৰ ভিতৰত কি কি আছে জানো আহক।
দুৰ্বল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বিসংগতিৰ বাবে আজিকালি মানুহৰ কলেষ্টেৰল বৃদ্ধিৰ সমস্যা বাঢ়িছে। যেতিয়া তেজত চৰ্বিৰ মাত্ৰা বৃদ্ধি পায়, তেতিয়া সিৰাবোৰ সংকুচিত হ’বলৈ ধৰে, যাৰ ফলত শৰীৰত তেজৰ প্ৰবাহ সঠিকভাৱে প্ৰবাহিত হ’ব নোৱাৰে। এনে অৱস্থাত এজন ব্যক্তিৰ হাৰ্ট এটেকৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। আজি আমি আপোনালোকক এনে ৪বিধ শাক-পাচলিৰ বিষয়ে ক’ম, যিবোৰ আপুনি প্ৰতিদিনে পাল পাতি খালে শৰীৰত উচ্চ কলেষ্টেৰলৰ বৃদ্ধি বন্ধ হৈ যায়।
কলেষ্টেৰল নিয়ন্ত্ৰণ শাক-পাচলি
বীনযুক্ত শাক-পাচলি : উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণত বীনযুক্ত শাক-পাচলি ভাল বুলি ধৰা হয়। এই শাকত অধিক পৰিমাণে আঁহ, খনিজ পদাৰ্থ, ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে। যিহেতু ইয়াত থকা আঁহবোৰ দ্ৰৱণীয়, সেয়েহে ই শৰীৰত ভাল কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰি স্বয়ংক্ৰিয়ভাৱে বেয়া কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে।
ভিনেগাৰৰ সৈতে খাওক পিঁয়াজ আৰু নহৰু: কৰ্কট ৰোগৰ ওপৰত কৰা এক অধ্যয়ন অনুসৰি যদিহে নহৰু আৰু পিয়াঁজ ভিনেগাৰৰ লগত মিহলাই কেঁচাকৈ খায় তেন্তে তেজত থকা চৰ্বি দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰে। এনে কৰিলে কেৱল উচ্চ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় নহয়। ইয়াৰ লগতে তেজৰ সোঁতো শুদ্ধ হয়, যাৰ ফলত হাৰ্ট এটেকৰ আশংকা কম হয়।
ভেণ্ডি খাওক: বেয়া কলেষ্টেৰলৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ভেণ্ডি খোৱাটো ভাল। চিকিৎসা বিশেষজ্ঞসকলৰ মতে ইয়াত মিনাৰেল, ভিটামিন আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। যাৰ ফলত চৰ্বি তেজত জমা নহয় আৰু আঁহৰ লগত মিলি গৈ বাহিৰলৈ ওলাই আহে।
সেউজীয়া কবি খোৱাটো উপকাৰী: চিকিৎসকে দাবী কৰে যে সেউজীয়া কবি অৰ্থাৎ ব্ৰকলি খালেও উচ্চ কলেষ্টেৰলৰ সমস্যা দূৰ কৰিবলৈ সকাহ পোৱা যায়। ইয়াক সেৱন কৰিলে তেজৰ শৰ্কৰা আৰু অন্ত্ৰৰ সমস্যা দূৰ হৈ যায়। ইয়াৰ ফলত পাচনতন্ত্ৰৰ উন্নতি হয় আৰু কলেষ্টেৰলৰ মাত্ৰা কম হয়। সেউজীয়া কবিত চৰ্বি নাথাকে।
Leave A Comment