• ব্যায়াম কৰাৰ সময়ত কেতিয়াও নকৰিব এই পাঁচটা ভুল, অন্যথা হ’ব পাৰে ভীষণ ক্ষতি

    জীৱন শৈলী
    ব্যায়াম কৰাৰ সময়ত কেতিয়াও নকৰিব এই পাঁচটা ভুল, অন্যথা হ’ব পাৰে ভীষণ ক্ষতি
    ডিজিটেল ডেস্কঃ  ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে অতি দৰকাৰী।   ফিটনেছ বিশেষজ্ঞসকলৰ মতে, যদি আপোনাৰ জিমলৈ যাবলৈ সময় নাথাকে  আপুনি ঘৰতে কিছুমান নিয়ম অনুসৰণ কৰি ব্যায়াম কৰিব পাৰে। এনেদৰে ব্যায়াম কৰিলে ওজন হ্ৰাস পোৱাৰ লগতে শৰীৰ সুস্থ হৈ থাকে।  বহুলোকে চৰ্বি হ্ৰাস কৰিবলৈ পুছ-আপ ব্যায়াম কৰে। এনেদৰে ব্যায়াম কৰোতে   শৰীৰৰ ওজন দুখন হাতৰ ওপৰত ৰখা হয়।  যদি আপুনি এই ব্যায়ামটো নিয়মীয়াকৈ কৰিব পাৰে তেন্তে  পেশীৰ শক্তি বৃদ্ধি পাব, কেলৰি দহন হ’ব, মানসিক শক্তি বৃদ্ধি পাব আৰু আত্মবিশ্বাস বাঢ়িব।

    অৱশ্যে আপুনি যদি এই ব্যায়ামটো সঠিক ধৰণে নকৰে তেন্তে ক্ষতি হোৱাৰ আশংকা থাকে।  পুছ-আপৰ ক্ষেত্ৰত বহুতে কৰা ভুলবোৰ এনেধৰণৰ- 
    ১) ডিঙি তললৈ নমাওতে তললৈ চোৱা: পুছ-আপ কৰোঁতে ডিঙি তললৈ নমাওতে তললৈ চালে ব্যায়াম কৰাত সুবিধা হয় যদিও বাৰে বাৰে এনে কৰিলে  ডিঙিৰ বিষ হোৱাৰ লগতে  আঘাতৰ আশংকা বৃদ্ধি পায়। গতিকে ডিঙিটো সকলো সময়তে পোন কৰি ৰাখিব লাগে, তললৈ বাৰে বাৰে চাই থাকিব নালাগে।

    ২) আপোনাৰ হাত ভুল স্থানত নাৰাখিব: এই ব্যায়াম কৰোতে   আপুনি আপোনাৰ হাত কান্ধৰ সৈতে পোন কৰি ৰাখিব লাগিব। হাতৰ তলুৱা মাটিৰ ওপৰত থাকিব। অন্যথা আপুনি ব্যায়ামৰ সম্পূৰ্ণ লাভালাভ নাপাব।

    ৩) কঁকালত বেঁকা নকৰিব: পুছ-আপ কৰোঁতে গোটেই শৰীৰটো সমানভাবে থাকিব লাগে। কিন্তু বেছিভাগ ক্ষেত্ৰত, বহুলোকে তললৈ যাওঁতে কঁকাল বেঁকা কৰে। ইয়াৰ ফলত কঁকালত বিষ হ'ব পাৰে।

    ৪) শৰীৰটো মাটিত স্পৰ্শ কৰিব নালাগিব: মনত ৰাখিব যে এই ব্যায়াম কৰোঁতে শৰীৰে কেতিয়াও মাটি স্পৰ্শ কৰিব নালাগিব। যদি আপুনি খৰধৰ কৰে তেন্তে ভুল হ’ব পাৰে। কম সময়ৰ ভিতৰত  আপুনি ৩০ বাৰ  পুছ-আপ কৰিলে, কিন্তু পদ্ধতিটো ভুলভাবে কৰিলে, তেনেক্ষেত্ৰত গোটেই প্ৰচেষ্টাটো বিফল  হ'ব। পুছ-আপৰ সঠিক পদ্ধতি অনুসৰণ কৰিবলৈ সময় লওঁক, খৰধৰ কৰি এনে ব্যায়াম নকৰিব। নহ’লে শৰীৰৰ পেশীৰ ক্ষতি হোৱাৰ ভয় থাকে।

    ৫) উশাহ লোৱাৰ ভুল নিয়ম: পুছ আপ কৰোঁতে সদায় নাকেৰে  উশাহ ল'ব, মুখেৰে নহয়। শৰীৰটো তললৈ নমাই থাকোঁতে উশাহ লওঁক আৰু ওপৰলৈ উঠি যাওঁতে উশাহ এৰি দিয়ক। উশাহৰ এনে নিয়ম নামানিলে এনে ব্যায়াম কৰাৰ সুফল পোৱা নাযায়।