ডিজিটেল ডেস্কঃ জলকীয়া আমাৰ খাদ্য জীৱনৰ অন্যতম সংগী। বিভিন্ন ব্যঞ্জনত জলকীয়া দি সোৱাদ বঢ়োৱাৰ লগতে ইয়াক কেঁচাকৈও ভাত, ৰুটীৰ লগত খোৱা হয়। জলকীয়া কাটোতে পিছে কেতিয়াবা মানুহ অসুবিধাত পৰে। জলকীয়া কটাৰ পাছত হাত দুখন জ্বলা-পোৰা হয়, আনহাতে হাতখনে যদি শৰীৰৰ কোনো অংগ স্পৰ্শ কৰে, তেতিয়া তাতো জ্বলা-পোৰা আৰম্ভ হয়। যদি আপোনাৰ লগতো এনেকুৱা হয়, তেন্তে ইয়াত কিছুমান কৌশল উল্লেখ কৰা হৈছে যাৰ সহায়ত আপুনি এই বিৰক্তিৰ পৰা মুক্তি পাব পাৰে।
জলকীয়া কটাৰ পাছত হাতৰ জ্বলা-পোৰাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি
১)ঠাণ্ডা গাখীৰঃ হাতৰ জ্বলা-পোৰা দূৰ কৰিবলৈ গাখীৰ হৈছে উত্তম প্ৰতিকাৰ। গাখীৰত থকা চৰ্বিয়ে জলকীয়াৰ জ্বলা-পোৰা দূৰ কৰাত সহায় কৰে। উত্তম ফলাফলৰ বাবে ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰক, আৰু যিমান সময় পাৰে হাত দুখন ডুবাই ৰাখক। গাখীৰে আপোনাৰ ছালৰ কোনো ক্ষতি নকৰে। গাখীৰত কিছু বৰফৰ টুকুৰা মিহলাই ল’লে বেছি সকাহ পাব।
২) এলোভেৰা জেলঃ জলকীয়াই পুৰিলে কিছু এলোভেৰা জেল লগালে সহায়ক হ’ব পাৰে। ই তেজৰ সোঁত বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু ছালত সকাহ দিব পাৰে।
৩) বাচন ধোৱা চাবোনঃ বাচন ধোৱা চাবোনে আপোনাৰ ছালৰ পৰা জলকীয়াৰ জ্বলা গুণ দূৰ কৰাত সহায় কৰিব পাৰে।
৪) ঘিউঃ জলকীয়া কাটিলে যদি আপোনাৰ হাতত তীব্ৰ জ্বলা-পোৰা হয় তেন্তে ঘিউ ব্যৱহাৰ কৰিব পাৰে। জ্বলাৰ পৰা মুক্তি পাবলৈ এয়া অন্যতম উপায়।
জলকীয়া কাটোতে ল'বলগীয়া সাৱধানতা
জলকীয়া কাটোতে হাতত গ্লফ পিন্ধিব পাৰে।
জলকীয়া কাটিবলৈ কটাৰীৰ সলনি কেঁচি ব্যৱহাৰ কৰিব লাগে।
Leave A Comment