১০ নৱেম্বৰ ২০২৪, দেওবাৰ
মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে খুব ভাল ফল লাভ কৰিব৷ নতুন চাকৰি বিচাৰি থকা বা যিসকলে কৰ্মস্থান সলনি কৰিব বিচাৰি আছে তেওঁলোকৰ বাবে খুব ভাল৷ প্রেমৰ লগতে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷
বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ শিক্ষাৰ্থীসকলে কষ্ট কৰিব লাগিব৷ নতুন ব্যৱসায়ীসকলৰ বাবে এই দিনটো খুবেই ভাল৷ প্ৰেম আৰু বৈবাহিক সম্পৰ্ক দুয়োটাৰে ক্ষেত্ৰত ভাল ফল লাভ কৰিব৷ বাকী অন্যান্য ক্ষেত্ৰসমূহতো ভাল ফলাফল লাভ কৰিব৷
মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলে সকলো ক্ষেত্ৰতে ধনাত্মক ফলাফল পাব৷ শিক্ষাৰ্থীসকলে কষ্ট কৰিব লাগিব৷ সম্পর্কৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব৷ অন্যান্য দিশ যেনে স্বাস্থ্য, কৰ্ম আদিৰ পৰা আৰম্ভ কৰি সকলোতে ভাল ফল লাভ কৰিব৷
কৰ্কট ৰাশি: দিনটো বিৰক্তিদায়ক হ’ব ৷ এলেহুৱা হ’ব ৷ মনক নিয়ন্ত্ৰণ কৰক ৷ যাত্ৰাৰ পৰিকল্পনা সলনি কৰক ৷ মাতৃৰ শৰীৰৰ অৱনতি ঘটিব পাৰে, যত্ন লওক ৷ নতুন কামৰ আৰম্ভণি কৰিলে সফলতা নাপাবও পাৰে ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো খুবেই ভাল৷ নতুন ব্যৱসায়ৰ যোগাযোগ আহিব পাৰে৷ চাকৰিৰ ক্ষেত্ৰতো নতুন যোগাযোগ আহিব পাৰে৷
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলে সম্পৰ্কৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব৷ স্বাস্থ্যৰো যত্ন ল’ব লাগিব৷ ব্যৱসায়ী, উপাৰ্জন, শিক্ষা আদিত ভাল ফল লাভ কৰিব৷
তুলা ৰাশি: নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো শুভ ৷ বিনিয়োগৰ বাবেও উপযুক্ত সময় ৷ হতাশাত ভূগিব পাৰে ৷ মাতৃৰ শৰীৰ ভাল নহ’ব ৷ ঘৰ বা সম্পত্তিৰ লেনদেন সম্পূৰ্ণ কৰিবৰ বাবে আজিৰ দিনটো নলব ৷ সতৰ্ক হৈ থাকক ৷
বৃশ্চিক ৰাশি: সম্পত্তি বিষয়ক লেনদেন কৰিব পাৰে ৷ কৰ্মস্থলীত কাম কৰিলে সফল হ’ব ৷ পদোন্নতিৰ সুযোগ পাব পাৰে ৷ কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ’ব পাৰে ৷ কৰ্মৰ মাজতে সংগীক সময় দিয়ক প্ৰেমৰ সম্পৰ্ক আৰু অধিক গভীৰ হ’ব ৷
ধনু ৰাশি: ধনু ৰাশিৰ জাতিক-জাতিকাসকলৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে ভাগ্যেদয় হ'ব৷ প্ৰেম , শিক্ষা, ব্যৱসায়, আয় আদিৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব৷ লগতে শিক্ষা, কৰ্ম, ব্যৱসায়, উপাৰ্জন আদিত ভাল ফল লাভ কৰিব৷
মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো ভালেই যাব৷ শিক্ষাৰ্থীসকলে খুব ভাল ফলাফল লাভ কৰিব৷ সম্পর্কৰ ক্ষেত্ৰতো ঠিকেই থাকিব৷
কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ ভিতৰত শিক্ষাৰ্থীসকলৰ শিক্ষামূলক ভ্ৰমণ হ'ব পাৰে। সকলো ক্ষেত্ৰতে যেনে প্ৰেম, কৰ্ম, ব্যৱসায়, উপাৰ্জন আদিত ভাল ফল লাভ কৰিব৷
মীন ৰাশি: নিজৰ চিন্তাধাৰাক মুক্ত কৰক আৰু লিখা-পঢ়া কৰি নিজকে ব্যক্ত কৰক ৷ কৰ্মস্থলীত সতৰ্ক হওক ৷ সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীসকলৰ লগত দীঘলীয়া আলোচনাৰ পৰা আতঁৰত থাকক; অনিশ্চিত মনোদশাই বিপদত পেলাব পাৰে ৷ স্বাস্থ্যৰ যত্ন লওক ৷
Leave A Comment