• মুখত গজিছে নেকি অবাঞ্ছিত চুলি; চাওক কিয় হয় এই সমস্যা...

    জীৱন শৈলী
    মুখত গজিছে নেকি অবাঞ্ছিত চুলি; চাওক কিয় হয় এই সমস্যা...
    ডিজিটেল ডেস্ক : বহু মহিলাৰ মাজত দেখা পোৱা এটা সাধাৰণ সমস্যা হ'ল মুখত অবাঞ্ছিত চুলি গজাৰ সমস্যা। বিউটি পাৰ্লাৰলৈ গৈ বা ফেচিয়েল কৰি অবাঞ্ছিত চুলি আঁতৰ কৰিলেও কিন্তু ই স্থায়ী নহয়। মুখত অবাঞ্ছিত চুলি বৃদ্ধিৰ সমস্যা তথা নিৰাময় কৰিবলৈ হ'লে জীৱনশৈলীৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব৷ 

    মহিলাৰ মুখত অবাঞ্ছিত চুলি গজাৰ কাৰণ হৈছে-

    বিশেষজ্ঞসকলৰ মতে অত্যধিক তেলেতীয়া খাদ্য আৰু তেলেতীয়া মাছ খোৱাৰ ফলত মুখৰ চুলি বৃদ্ধিৰ সমস্যা হয়। মাছত উপকাৰী অমেগা-৩ ফেটি এচিড থাকে। যি চুলি ৰস বৃদ্ধিত সহায় কৰে। ই একপ্ৰকাৰৰ প্ৰ'টিন। কিন্তু অত্যধিক মাছ খোৱাটোৱে মহিলাসকলৰ ক্ষেত্ৰত টেষ্টোষ্টেৰনৰ স্তৰ বৃদ্ধি কৰে। ফলস্বৰূপে মুখত চুলি বাঢ়ে। 

    বহু মহিলাই কাৰ্যালয়ত বা ঘৰত অত্যধিক কফি খায়। বিশেষজ্ঞসকলৰ মতে যথেষ্ট পৰিমাণে কফিসদৃশ খাদ্য খোৱাৰ ফলতো এই সমস্যাৰ উদ্ভৱ হয়।

    বিভিন্ন কাৰণত সকলো লোকৰ মাজত চিন্তা, মানসিক চাপ থাকে। কিন্তু যিদৰে অত্যধিক চাপৰ ফলত মানসিক স্বাস্থ্য ক্ষতিগ্ৰস্ত হয় আৰু শৰীৰত বহু সমস্যাৰ সৃষ্টি কৰে। বিশেষজ্ঞসকলৰ মতে, অত্যধিক চাপৰ বাবেও এই সমস্যাৰ উদ্ভৱ হয়।

    ধূমপান আৰু সুৰাপানৰ ফলতো স্বাস্থ্যৰ বহু ক্ষতি হয়। অত্যধিক ধূমপান আৰু সুৰাপানৰ অভ্যাস বহু মহিলাৰ ক্ষেত্ৰত দেখা যায়। এই বদঅভ্যাসৰ বাবেও এই সমস্যাৰ উদ্ভৱ হয়। লগতে পৰ্যাপ্ত টোপনি নাথাকিলেও মুখত অবাঞ্ছিত চুলি বৃদ্ধিৰ সমস্যা হ'ব পাৰে।