• এফুট নহৰুৱে কেন্সাৰৰ নিচিনা ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে, কিন্তু কেনেকৈ? জানো আহক সবিশেষ…

    জীৱন শৈলী
    এফুট নহৰুৱে কেন্সাৰৰ নিচিনা ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে, কিন্তু কেনেকৈ? জানো আহক সবিশেষ…

    ডিজিটেল ডেস্ক : নিজকে সুস্থ কৰি
    ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন। আপুনি জানেনে যে এফুট নহৰুৱে
    কেন্সাৰৰ দৰে ডাঙৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। হৃদযন্ত্ৰৰ লগত জড়িত ৰোগো নহৰুৱে দূৰ
    কৰিব পৰাৰ লগতে নহৰু-মৌৰ মিশ্ৰণ নিয়মিতভাৱে সেৱন কৰিলে হৃদযন্ত্ৰলৈ যোৱা ধমনীত জমা
    হোৱা চৰ্বি আঁতৰাই পেলায়, যাৰ ফলত হৃদযন্ত্ৰলৈ ৰক্ত সঞ্চালন সঠিকভাৱে হয়।



     এফুট নহৰৱে কেন্সাৰৰ সম্ভাৱনা হ্ৰাস
    কৰে-



    শীতকালত নহৰু অতি উপকাৰী। ইয়াৰ
    প্ৰভাৱ গৰম, সেইবাবেই নহৰু সেৱনে শৰীৰটোক গৰম কৰি ৰাখে আৰু ঠাণ্ডাৰ পৰা ৰক্ষা কৰে।
    ইয়াৰ উপৰি প্ৰষ্টেট আৰু স্তন কেন্সাৰৰ পৰাও সুৰক্ষা প্ৰদান কৰে। নহৰুত এন্টিফাংগেল
    গুণ পোৱা যায়, যাৰ বাবে ই ৰোগৰ পৰাই নহয় ছালৰ লগত জড়িত যিকোনো সমস্যাৰ পৰাও সকাহ
    দিয়ে।



     আনহাতে, আমি খাদ্য সোৱাদ বৃদ্ধি কৰিবলৈ নহৰু ব্যৱহাৰ
    কৰো। কিন্তু যিকোনো সেউজীয়া শাকত নহৰু দিলে সেই শাকৰ সোৱাদ দুগুণ হয়। ইয়াৰ উপৰি নহৰুত
    এনে উপকাৰী উপাদান থাকে, যিয়ে শৰীৰত বিকশিত হোৱা ৰোগো দূৰ কৰে। পুৱা খালী পেটত নহৰু
    খালে বহুতো উপকাৰ পোৱা যায়।