• অধিক নিদ্ৰা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি? গৱেষণাই কি কয়, জানো আহক

    জীৱন শৈলী
    অধিক নিদ্ৰা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি? গৱেষণাই কি কয়, জানো আহক

    ডিজিটেল ডেস্ক : শৰীৰটো সুস্থ থাকিবলৈ
    যথেষ্ট টোপনিৰ প্ৰয়োজন।মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক কাৰ্য্যকলাপ সঠিকভাৱে চলিবলৈ
    টোপনিৰ আৱশ্যক। চিকিৎসকৰ মতে বয়স, শাৰীৰিক ক্ৰিয়া-কলাপ আৰু স্বাস্থ্যৰ প্ৰকাৰ অনুসৰি
    সকলোৰে বাবে ৭ৰ পৰা ৯ ঘণ্টা টোপনিৰ প্ৰয়োজন।



     ব্ৰিটেইনৰ ‘নেশ্যনেল স্লিপিং ফাউণ্ডেশ্যন’ৰ
    এক অধ্যয়নত উল্লেখ কৰা হৈছে যে ১৮ৰ পৰা ৬৪ বছৰ বয়সৰ লোকৰ বাবে ৭ৰ পৰা ৯ ঘণ্টা টোপনি
    যথেষ্ট। কিন্তু যিসকলৰ ৯ ঘন্টাতকৈ অধিক শোৱাৰ অভ্যাস আছে, তেওঁলোকৰ ৰোগ হোৱাৰ সম্ভাৱনা
    অতি বেছি।



     ১) হতাশা



    পুৱা টোপনিৰ পৰা সাৰ পালে শৰীৰত
    বা মনত সতেজতাৰ অনুভৱ হয়। অত্যধিক টোপনিৰ পাছত উঠিলে এলেহুৱা অনুভৱ হয়, মনত কোনো
    কামৰ বাবে উৎসাহ নাথাকে।



     ২) প্ৰজনন ক্ষমতা হ্ৰাস



    দীৰ্ঘ সময় ধৰি শুলে বা শাৰীৰিক
    ক্ৰিয়া-কলাপ প্ৰায়ে কমি যোৱাৰ ফলত পুৰুষ আৰু মহিলা উভয়ৰে প্ৰজনন ক্ষমতাত প্ৰভাৱ
    পৰে। যদি আপুনি শাৰীৰিকভাৱে সুস্থ নহয় তেন্তে প্ৰজননত সহায় কৰা হৰম’নৰ ভাৰসাম্যও
    বিঘ্নিত হয়।



     ৩) মেদবহুলতা-



    বেছিকৈ শুলে ওজন বৃদ্ধিৰ বিপদ সম্পূৰ্ণৰূপে
    উলাই কৰিব নোৱাৰি। ওজন বৃদ্ধিৰ লগত জড়িত সকলো ৰোগো টোপনিৰ লগে লগে বৃদ্ধি পায়।



     ৪) হৃদযন্ত্ৰৰ সমস্যা-



    দিনটোৰ বেছিভাগ সময় শুলে। শাৰীৰিক
    স্বাস্থ্য বজাই ৰাখিবলৈ দৈনিক ইমান শাৰীৰিক ব্যায়াম নকৰিলে হৃদযন্ত্ৰৰ সমস্যা হ’ব।
    কেৱল সেয়াই নহয়, টোপনিৰ পৰিমাণে তেজত এনে সকলো বিঘিনি ঘটাব পাৰে, যাৰ ফলত হৃদযন্ত্ৰৰ
    সমস্যা বৃদ্ধি পাব পাৰে।



     ৫) তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি-



    তেজত শৰ্কৰা মাত্ৰা বৃদ্ধি হোৱাটো
    নিৰ্ভৰ কৰে এজন ব্যক্তিৰ জীৱন-যাপনৰ ধৰণৰ ওপৰত। কাৰণ গোটেই দিনটো তেওঁৰ খাদ্য গ্ৰহণ,
    কাম, ব্যায়ামে সেই ব্যক্তিজনৰ বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলায়। যদি আপুনি দিনটোৰ
    বেছিভাগ সময় শুই থাকে, তেন্তে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক।