• বাস্তুৰ মতে ঘৰৰ স্থায়িত্ব কেনেবোৰ কথা ওপৰত নিৰ্ভৰ কৰে?

    জীৱন শৈলী
    বাস্তুৰ মতে ঘৰৰ স্থায়িত্ব কেনেবোৰ কথা ওপৰত নিৰ্ভৰ কৰে?
    ডিজিটেল ডেস্কঃ পৰিৱেশ, পৰিস্থিতি, কাল, ক্ষণ আদিৰ ওপৰত নিৰ্ভৰ কৰি ঘৰ আদিৰ স্থায়িত্ব বেলেগ বেলেগ হ'ব পাৰে। গৃহ নিৰ্মাণ সদায় কৰা কাৰ্য নহয়। এবাৰ ঘৰ এটা তৈয়াৰ কৰাৰ পিছত সেই ঘৰটো দীর্ঘস্থায়ী হোৱাটো গৃহস্থই সদায় কামনা কৰে।

    বাস্তুশাস্ত্ৰ অনুসৰি গৃহ এটাৰ স্থায়িত্ব নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ কেতবোৰ কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। এইক্ষেত্ৰত গ্ৰহ আদিৰ অৱস্থাৰ বিষয়সমূহো বিশেষভাৱে মন কৰিবলগীয়া কথা।

    গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়ত যদি বৃহস্পতি, ৰবি, শুক্র আৰু শনি গ্রহকেইটা ক্ৰমে লগ্নৰ ষষ্ঠ, সপ্তম, চতুৰ্থ আৰু তৃতীয় স্থানত থাকে তেন্তে সেই গৃহ শতব ছৰ ধৰি স্থায়ী হৈ থাকে যদি লগ্নত শুক্র, বৃহস্পতি সপ্তম স্থানত থাকে তেতিয়াহ'লে সেই গৃহ শতবছৰ স্থায়ী হোৱাৰ লগতে গৃহস্থৰ আয়ুসো বৃদ্ধি পায়। যদি লগ্নত ৰবি তৃতীয়ত, মংগল ষষ্ঠত, বৃহস্পতি পঞ্চমত থাকে, তেন্তে সেই গৃহৰ স্থায়িত্ব বৃদ্ধি পায় ।

    যদি লগ্নত বৃহস্পতি সপ্তমত, চন্দ্ৰ দশমত অৱস্থান কৰে, তেন্তে সেই সময়ত নিৰ্মাণ কৰা গৃহই হেজাৰ বছৰ স্থায়িত্ব লাভ কৰে।

    যদি লগ্নত সপ্তমত বৃহস্পতি, দশমত বুধ নাইবা শুক্র থাকে তেন্তে সেই লগ্নত নিৰ্মাণ কৰা গৃহ প্রায় ৫০০ বছৰ স্থায়ী হৈ থাকে ।

    যদি লগ্নত বৃহস্পতি চতুর্থত, চন্দ্ৰ দশমত, শনি বা মঙলে একাদশত অৱস্থান কৰে তেন্তে সেই সময়ত নিৰ্মাণ কৰা ঘৰ ১০০ বছৰতকৈ কম সময় স্থায়ী হৈ থাকে।

    গৃহ প্ৰৱেশৰ সময়ত বা কলহত পূজা কৰা হয়। সেই কলহটো ঘৰৰ উত্তৰ পূব অথবা ঈশাণ দিশত সংৰক্ষণ কৰিব লাগে। বাস্ত পূজাত ব্যৱহাৰ কৰা অন্যান্য সামগ্ৰী আদি পূজা শেষ হোৱাৰ পিছত বিসর্জন দিব লাগে।