• ৪ মে'ৰ ৰাশিফল চাওঁ আহক, কেনে যাব আপোনাৰ দিনটো...

    জীৱন শৈলী
    ৪ মে'ৰ ৰাশিফল চাওঁ আহক, কেনে যাব আপোনাৰ দিনটো...
    ৪ মে',বুধবাৰ,২০২২

    মেষ: আত্মবিশ্বাস বাঢ়িব। মনৰ আনন্দ বৃদ্ধি। স্বাস্থ্যত শুভ।

    বৃষ: সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক।

    মিথুন : কৃতিত্ব লাভৰ যোগ। কোনো কথাত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। প্ৰদূষণে কষ্ট দিব পাৰে। কুকুৰ-বান্দৰৰ পৰা সাৱধান।

    কৰ্কট : খং, ক্ষোভ, চঞ্চলতা এৰাই চলক। মধুমেহ, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কষ্ট পাব। শুভ সংখ্যা পাঁচ।

    সিংহ : সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত বেমেজালি আঁতৰিব। শুভ ৰং কমলা। সমাজৰ কামত দৃঢ়তা।

    কন্যা : আশা পূৰণৰ সংকেত। আনক আপদ বুলি নধৰিব। শুভ ৰং গোলাপী। সংঘাত আঁতৰিব।

    তুলা : গুপ্ত শত্ৰু পৰাভূত হ’ব। মাংগলিক চিন্তাত ব্ৰতী। আলহীৰ সমাগম। ৰোগৰ ভয় দূৰ হব।

    বৃশ্চিক : সমস্যা সমাধানত আত্মীয়ৰ সংযোগ। আলহীৰ সমাগম। খৰচ বৃদ্ধি। শুভ সংখ্যা পাঁচ।

    ধনু : কৰ্মত অনামনা নহ’ব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। শুভ ৰং মেৰুণ। মিছা নক’ব। ভ্ৰমণৰ যোগ।

    মকৰ : বস্তুবাদী লোকে জনপ্ৰিয়তা হেৰুৱাব পাৰে। আনক প্ৰশংসা কৰক। বিদ্যাত আনন্দ।

    কুম্ভ : অনেক জ্ঞানৰ সুযোগ পাব।কোনো মাংগলিক কৰ্মত যোগদান। ৰাজনৈতিক সচেতনতা বৃদ্ধি।

    মীন : মনত কোনো চঞ্চলতা আৰু উদাস ভাব নাৰাখিব। ধূমপান নকমালে কৰ্কট ৰোগ হব। অবৈধ প্ৰেমত মানহানি।