• আজিৰ ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ ৰাশিফল চাওঁ আহক
    ৮ নৱেম্বৰ ২০২৪, শুকুৰবাৰ

    মেষ ৰাশি: দিনটো শুভ৷ পৰিয়ালত শুভ অনুষ্ঠান হ’ব পাৰে। ব্যৱসায়ত শুভ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময়৷ স্বাস্থ্যৰ যতন লওক৷

    বৃষ ৰাশি: দিনটো মধ্যমীয়া৷ পৰিয়ালত সংঘাত হ’ব পাৰে৷ মানসিক অশান্তি হ’ব পাৰে৷ কামতো বাধা আহিব পাৰে৷ সাৱধানে থাকক ।

    মিথুন ৰাশি: দিনটো উত্তম৷ ব্যৱসায়ত শুভ৷ সুফল ভোগ কৰিব৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত কামৰ বাবে প্ৰশংসিত হ’ব৷ পদোন্নতিৰ যোগ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ৷ বিবাহ বিচ্ছেদ হোৱা সকলে যদি দ্বিতীয় বিবাহৰ কথা ভাবি আছে, তেন্তে তাৰ কাৰণেও দিনটো শুভ।

    কৰ্কট ৰাশি: গ্ৰহৰ অৱস্থান অনুকূল৷ দিনটো শুভ৷ সৌভাগ্যৰ যোগ৷ কৰ্মক্ষেত্ৰ আৰু ঘৰুৱা পৰিৱেশ উন্নত৷ মাতৃ আৰু তেওঁৰ জ্ঞান-অভিজ্ঞতাৰ দ্বাৰা উপকৃত হ’ব। সন্মান বৃদ্ধি৷ আৰ্থিক স্থিতি উন্নত৷

    সিংহ ৰাশি: দিনটো মধ্যমীয়া। এলেহুৱা ভাব ত্যাগ কৰক৷ মানসিক অশান্তি হ’ব পাৰে৷ শৰীৰ ভালে নাযাব৷ ভাগৰুৱা অনুভৱ কৰিব পাৰে৷ খঙক নিয়ন্ত্ৰণ কৰক৷ তৰ্ক-বিতৰ্ক নকৰিব৷

    কন্যা ৰাশি: ব্যস্ততা বৃদ্ধি৷ কাম হাতত লওতে সাৱধান৷ ভাবি-চিন্তি কাম কৰিব। ব্যয় বৃদ্ধি হ’ব পাৰে৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক।

    তুলা ৰাশি: প্ৰেমত শুভ৷ বিবাহিতসকলৰ বাবে দিনটো শুভ৷ গ্ৰহৰ স্থান ভাল৷ প্ৰিয়জনৰ সৈতে ভ্ৰমণৰ যোগ৷ ব্যৱসায়ী আৰু বৃত্তিধাৰীসকলৰ বাবে উত্তম সময়৷

    বৃশ্চিক ৰাশি: দিনটো শুভ৷ স্বাস্থ্য উন্নত৷ গ্ৰহৰ অৱস্থান বহুত ভাল। পিতৃ-মাতৃৰ পৰা উৎসাহজনক সংবাদ পাব। আৰ্থিক লাভৰ যোগ । ৰৈ থকা কামবোৰ অতি সহজতে সম্পন্ন হ’ব৷

    ধনু ৰাশি: দিনটো কিছু কঠিনতাৰ মাজেৰে পাৰ হ’ব৷ অসুস্থ হৈ থাকিব৷ মানসিকভাৱে অস্থিৰ হৈ থাকিব পাৰে। সন্তানক লৈয়ো চিন্তিত হৈ থাকিব পাৰে৷ কিতাপ পঢ়া বা সৃজনশীল কামত বেছি শান্তি লাভ কৰিব৷

    মকৰ ৰাশি: দিনটো মধ্যমীয়া৷ কামত বাধা আহিব পাৰে৷ সতৰ্ক থাকক। তৰ্কত লিপ্ত নহ’ব৷ সাৱধানে থাকক৷ স্বাস্থ্যৰ যতন লওক৷

    কুম্ভ ৰাশি: দিনটো শুভ৷ সৌভাগ্য যোগ৷ গ্ৰহৰ স্থান উত্তম৷ পৰিয়ালৰ সৈতে প্ৰমোদ ভ্ৰমণৰ যোগ৷ স্বাস্থ্য মধ্যমীয়া৷ বিদেশৰ পৰা ভাই-ভনী বা কোনো ঘনিষ্ঠ বন্ধু আপোনাৰ ঘৰলৈ আহিব পাৰে।

    মীন ৰাশি: দিনটো মধ্যমীয়া। গ্ৰহৰ অৱস্থান সামান্য উন্নত৷ বাহিৰৰ খাদ্য নাখাব৷ পৰাপক্ষত ঘৰুৱা খাদ্য গ্ৰহণ কৰক৷ মানসিক স্বাস্থ্যৰ যতন লওক৷ নেতিবাচক প্ৰভাৱৰ পৰা দূৰত থাকক। ক্ৰোধক নিয়ন্ত্ৰণ কৰক৷