• আজিৰ দিনটোৰ ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ দিনটোৰ ৰাশিফল চাওঁ আহক
    ৯ নৱেম্বৰ ২০২৪, শনিবাৰ


    মেষ ৰাশি: সামান্য অসুস্থতা হ’ব পাৰে৷ কৰ্মক্ষেত্ৰৰ লগতে ঘৰৰ পৰিৱেশে আপোনাক উদ্বেগত পেলাব৷ সকলোতে অলপ ভুল বুজাবুজিৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ আপুনি খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, নহ’লে পিছত ইয়াৰ ফল ভূগিব লাগিব আৰু হাতত থকা কামত ব্যাঘাত জন্মিব৷

    বৃষ ৰাশি: ধ্যান কৰক আৰু মনক স্থিৰ কৰক৷ দিনৰ শেষভাগলৈ আপুনি ভাগৰি পৰিব কিন্তু কৰ্মক্ষেত্ৰত শীৰ্ষ নেতৃত্বই দিয়া কামৰ হেঁচা আপোনাৰ ওপৰত পৰি থাকিব৷ আশা কৰি থকা ফল লাভত পলম হ’ব৷ ভ্ৰমণত শুভ৷ এলাহভাৱে আপোনাক বেৰি ধৰিব, যাক কেৱল আপুনিহে অনুভৱ কৰিব পাৰিব৷ 

    মিথুন ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব৷ সমাজ, পৰিয়াল আৰু সম্বন্ধীয়ৰ মাজত আপোনাৰ জনপ্ৰিয়তাই আনন্দিত কৰি তুলিব৷ পৰিয়ালৰ লগত কোনো সুন্দৰ ঠাইত কৰা ভ্ৰমণৰ ফলত মানসিক শান্তি বিচাৰি পাব৷ বন্ধু বা সহকৰ্মীৰ লগত বজাৰ কৰিবলৈ যাব পাৰে ৷ বাহন ক্ৰয়ৰ বাবে সুন্দৰ সময়৷ আপুনি ভালপোৱা খাদ্যই আপোনাৰ আনন্দ আৰু অলপ বঢ়াই দিব৷

    কৰ্কট ৰাশি: ব্যৱসায়, সন্মান আদিৰে ভৰা সফল দিন৷ সহকৰ্মী আৰু তলৰ চাকৰিয়ালসকলৰ সহযোগিতা লাভ কৰিব আৰু শীৰ্ষ নেতৃত্বৰ শুভেচ্ছাও লাভ কৰিব৷ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব৷ এই সকলোবোৰৰ উপৰিও প্ৰতিযোগীসকলৰ লগত বিজেতা হিচাপে আপোনাৰ কলাসন্মত কামৰ পৰিচয় দিব পাৰিব৷ উপাৰ্জনৰ দিশত অলপ চকু ৰখা প্ৰয়োজন৷

    সিংহ ৰাশি: কিছুমান সৰু কথাই আপোনাক খঙাল কৰি তুলিব৷ খঙক কাবু কৰি আপুনি কামত অধিক মনোনিৱেশ কৰিব পাৰিব৷ শৰীৰ ভাল৷ এই সময়ত ভালপোৱা কলা, খেল, ছবি অঁকা আদি কাম নিজ মনেৰে কৰিব পাৰিব৷ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ ভালপোৱা বিষয়ত ভাল ফল দেখুৱাব পাৰিব৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্বন্ধৰ উন্নতি হ’ব৷

    কন্যা ৰাশি: খোৱা-বোৱাত চকু ৰাখক আৰু নতুন একো আৰম্ভ নকৰিব৷ আজি বৰ ভাল দিন নহয়৷ এলাহ আৰু মনোযোগৰ অভাৱে কামবোৰ সঠিক সময়ত শেষ হ’বলৈ নিদিয়ে৷ এই সমস্যাবোৰৰ ফলত আপোনাৰ মনত উদ্বেগভাৱ আহিব, প্ৰিয়জনৰ লগত কাজিয়া আৰু পৰিয়ালৰ পৰা পোৱা অপমানে অশান্তি দিব৷ 

    তুলা ৰাশি: ধৰ্মীয় ঠাই পৰিভ্ৰমণ কৰক আৰু লাভ কৰা ভাল ফলবোৰৰ বাবে ভগবানক ধন্যবাদ দিয়ক৷ চাৰিওফালৰ পৰিৱেশ উত্তেজনাপূৰ্ণ হ’ব পাৰে৷ পৰিয়ালৰ লগত সম্বন্ধ, আনন্দ আৰু প্ৰতিযোগীসকলৰ লগত জয়- এই সকলোৱে আপোনাক সুখী কৰি তুলিব৷ আপুনি হাত দিয়া সকলো কাম সফল হ’ব৷ কাৰোবাৰ মিঠা কথাই আপোনাৰ অন্তৰ চুই যাব৷

    বৃশ্চিক ৰাশি: কথা কওতে সাৱধান হওক৷ গ্ৰহৰ প্ৰভাৱত ঘৰুৱা পৰিস্থিতি জটিল হ’ব৷ পৰিয়ালৰ লগত হঠাৎ কাজিয়াৰ সূত্ৰপাত হ’ব৷ আপোনাৰ কথাই কাৰোবাক আঘাত দিব আৰু আপুনি পিছতহে তাৰ অনুশোচনা কৰিব৷ সেইবাবে শান্ত হওক, মনলৈ বেয়া ভাৱ আহিবলৈ নিদিব, এনে ভাৱে শৰীৰত প্ৰভাৱ পেলাব৷ ছাত্ৰ-ছাত্ৰীসকলেও পঢ়া বিষয়ত বিশেষ মনোযোগ দিব নোৱাৰিব৷

    ধনু ৰাশি: সৰু তীৰ্থ ভ্ৰমণত যাব পাৰে৷ আপুনি কৰিব বিচৰা সকলো কাম সফল হ’ব৷ শাৰিৰীক আৰু মানসিকভাৱে সবল অনুভৱ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব৷ আপোনাৰ পৰিয়ালত আনন্দৰ উৎসৱৰ আয়োজন হ’ব আৰু আপোনাৰ প্ৰিয়জনক লগ পোৱাৰ পিছত আনন্দ আৰু বাঢ়িব৷ সামাজিক সন্মান বৃদ্ধি হ’ব৷

    মকৰ ৰাশি: ধৰ্মীয় কামত বেছি মন দিব৷ তাৰবাবে কিছু খৰচো কৰিবলগা হ’ব৷ আইনী বিষয়ৰ কামত বিশেষ চকু ৰখা প্ৰয়োজন৷ আলহী আহিব। ধন অত্যধিক খৰচ নকৰিব। কুকুৰৰ পৰা সাৱধান

    কুম্ভ ৰাশি: এইটো এটা সফল দিন৷ ব্যৱসায়ত বহু উন্নতি হ’ব৷ পুৰণি বন্ধু লগ পাব আৰু নতুন বন্ধু লাভ কৰিব আৰু তেওঁলোকৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক৷ নতুন কাম আৰম্ভ কৰাৰ সুন্দৰ সময়৷ বিবাহৰ বাবে প্ৰস্তাৱ দিব বিচাৰিছে যদি আজি উত্তম দিন৷

    মীন ৰাশি: এটা শুভ দিন৷ প্ৰাপ্যখিনি সহজে লাভ কৰিব আৰু পৰিয়ালৰ লগত সম্পৰ্ক উন্নত হ’ব৷ কাৰ্যালয়ত শীৰ্ষ নেতৃত্বই কৰা প্ৰশংসাই আনন্দিত কৰিব৷ পৰিয়ালৰ লগত কটোৱা সময়ে সুখী কৰি তুলিব৷ পৰিয়ালৰ জ্যেষ্ঠসকলৰ সৈতে থকা সম্পৰ্কই আপোনাক লাভ প্ৰদান কৰিব৷ ধাৰলৈ লোৱা টকা ঘূৰাই দিব৷