• ৰাশিফল চাওঁ আহক! জানি লওক দিনটো কেনে যাব

    জীৱন শৈলী
    ৰাশিফল চাওঁ আহক! জানি লওক দিনটো কেনে যাব
    
     


    ১১/০৪/২৪, বৃহস্পতিবাৰ


    মেষ ৰাশি :ব্যয়ৰ যুগ আছে । সঠিক সময়ত নিজৰ ক্ৰোধ আৰু কথাক নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া । ধন লেনদেনৰ ক্ষেত্ৰত সতৰ্ক থাকক। পৰিয়ালৰ লোকৰ সৈতে বিতৰ্ক এৰাই চলক ৷

    বৃষ ৰাশি : ফুৰ্তি মনেৰে থাকক । উপহাৰ লাভৰ যোগ । ভ্ৰমনৰ যোগ আছে । ভাগ্য সুপ্ৰসন্ন হ’ব ৷ আপুনি সফলতা লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত শুভ ৷

    মিথুন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক আৰু শুভ । সহকৰ্মী আৰু ঊৰ্ধ্বতনৰ পৰা সহযোগিতা লাভ কৰিব ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ সম্ভাৱনা আছে। পদোন্নতিৰ যোগ আছে। উপহাৰ লাভ কৰাৰ সম্ভাৱনা অধিক ৷ স্বাস্থ্য কুশলে থাকিব ।

    কৰ্কট ৰাশি : ধৰ্মীয় কাম-কাজত মনোযোগ দিয়ক ৷ বিতৰ্কৰ পৰা বিৰত থাকক ৷ পৰিয়ালৰ লগত সময় কটাওক ৷ স্বাস্থ্য কুশলে থাকিব ৷ আৰ্থিক দিশত শুভ ৷ ধন লাভৰ যোগ ৷ গ্ৰহৰ প্ৰভাৱে আপোনাৰ জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনিব ৷

    সিংহ ৰাশি: আজিৰ দিনটো মধ্যমীয়া । ধৰ্মীয় কাম-কাজৰ লগতে ধৰ্মীয় স্থানত ভ্ৰমণৰ যোগ আছে ৷ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । কামত মনোযোগ দিয়ক তেতিয়াহে সফল হ’ব । সন্তানৰ কাৰণে মানসিক সমস্যাত জৰ্জৰ হৈ হ’ব পাৰে ৷

    কন্যা ৰাশি : উদ্যোগ হাতত লোৱাৰ পৰিকল্পনা আছে যদি বাতিল কৰক । পদপথত বিক্ৰী কৰা খাদ্য নাখাব । তেনে খাদ্য স্বাস্থ্যৰ বাবে হানিকাৰক । খঙত নিয়ন্ত্ৰণ ৰাখক । অপ্ৰীতিকৰ পৰিস্থিতিক এৰাই চলাওক । পানীৰ পৰা সাৱধান । ব্যয়ৰ যোগ আছে।

    তুলা ৰাশি : আজিৰ দিনটো শুভ । শ্বপিং কৰি ভাল পোৱা লোকসকলৰ বাবে শুভ দিন ৷ নতুন পোছাক, গহনা ক্ৰয় কৰক । শাৰীৰিক আৰু মানসিকভাৱে উজ্জীৱিত হৈ থাকিব ৷ সন্মান লাভ কৰিব ৷

    বৃশ্চিক ৰাশি : ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব । শাৰীৰিক-মানসিকভাৱে উজ্জীৱিত হৈ থাকিব। ৰোগীসকল সুস্থ হৈ থাকিব । সহকৰ্মীৰ পৰা সাহাৰ্য আৰু সহযোগিতা লাভ কৰিব ৷ পুৰণি বান্ধৱীক লগ পাব পাৰে ।অসম্পূৰ্ণ হৈ থকা কাম সম্পূৰ্ণ হ’ব । আৰ্থিক লাভ হ’ব ৷ খৰচ হ্ৰাস হ’ব ৷

    ধনু ৰাশি : ভ্ৰমণৰ পৰিকল্পনা থাকিলে পিচুৱাই দিয়ক । সন্তানৰ পঢ়াশুনা আৰু স্বাস্থ্যক লৈ চিন্তিত হ’ব । ক্ৰোধৰ উপৰত নিয়ন্ত্ৰণ ৰাখক আৰু বৌদ্ধিক আলোচনাৰপৰা বিৰত থাকক। শিল্পকলা আৰু সাহিত্যৰ প্ৰতি আগ্ৰহ বাঢ়িব ৷ প্ৰিয়জনৰ সৈতে ভাল সময় কটাব ৷

    মকৰ ৰাশি : শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিব পাৰে । পৰিয়ালত সংঘাত হ’ব পাৰে । মন বেয়া হৈ থাকিব ৷ সামাজিক মৰ্যাদাৰ হানি হ’ব। পানীৰপৰা সাৱধান আৰু নাৰীকেন্দ্ৰিক নেতিবাচক প্ৰভাৱৰপৰা দূৰত থাকক। দিনৰ শেষত ধ্যান কৰক।

    কুম্ভ ৰাশি :সমৃদ্ধি আৰু সৌভাগ্যৰ যোগ । পদোন্নতিৰ যোগ আছে। ব্যৱসায়ৰপৰা অত্যধিক লাভাংশ পাব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সময় কটাওক । নতুন মানুহৰ সৈতে চিনাকী হ’ব পাৰে ৷ 

    মীন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ হ’ব । চৰ্দি-কাঁহ-জ্বৰ আদি ভাল হ’ব ৷ মানসিক সুখে দেখা দিব ৷ আনক সহায় কৰোতে সাৱধান হওক । আনৰ হৈ বিত্তীয় লেনদেন নকৰিব ৷ বৃহৎ ক্ষতি হোৱাৰ আশংকা আছে ৷