• কাৰ ভাগ্যত কি লিখা আছে? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    কাৰ ভাগ্যত কি লিখা আছে? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল


    ১৭ ডিচেম্বৰ ২০২২,  শনিবাৰ
     

    মেষ : আবেগৰ বশৱৰ্তী হোৱাৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাবি চোৱা উচিত। প্ৰেমে দিব শান্তি।


    বৃষ : যিকোনো কামত খৰখেদা নকৰিব, ফলত কৰ্মক্ষেত্ৰ আৰু পৰিয়াল উভয় ক্ষেত্ৰতে অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে। ভোজন চাই-চিতি কৰিব।

    মিথুন- যদি বিবাহৰ কথা চলি থকা সকলৰ আজি সিদ্ধান্তত উপনীত হ'ব।পত্নীৰ স্বাস্থ্যক লৈ চিন্তাত হ’ব পাৰে।

    কৰ্কট- কৰ্মস্থানত যথেষ্ট কষ্ট হোৱাৰ সম্ভাৱনা| ধৈৰ্য ৰাখিব। দাম্পত্যত মধ্যমীয়া।

    সিংহ- পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্তৰ পাৰ হ’ব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। হাতলৈ ধন আহিব। খৰচ কমাব।

    কন্যা-খৰচৰ মাত্ৰা বাঢ়িব পাৰে।কামত সন্মান পাব। মাতৃৰ স্বাস্থ্যই চিন্তাত পেলাব।

    তুলা- দিনটো ব্যৱসায়ী সকলৰ বাবে অতিকৈ শুভ। চাকৰিয়াল সকলৰ কামৰ হেঁচা বাঢ়িব। ভ্ৰমণত শুভ।

    বৃশ্চিক- মাটি বাৰীৰ ক্ষেত্ৰত স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো সুখদায়ক হ’ব। খং কমাব। প্ৰেমত অশান্তি।

    ধনু- দিনটো প্ৰায় ভালে যাব। খৰচ মাত্ৰা বৃদ্ধি পাব ।দুৰ্ঘটনাৰ সম্ভাৱনা আছে। চোৰৰ পৰা সাৱধান।

    মকৰ- গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ীত, শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া।প্ৰেমত বিবাদৰ সম্ভাৱনা।

    কুম্ভ- পাবলগীয়া ধন ঘূৰাই পাব। কাৰোৰে সৈতে অনৰ্থক কাজিয়া নকৰিব। সংসাৰত শুভ।

    মীন- চাকৰি বিচাৰি থকা লোক সকলৰ বাবে দিনটো শুভ। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। প্ৰেমত মধুৰতা।