• আজিৰ দিনটো কুশলে যাব নে? ৰাশিফলে কি কয় জানি লওক

    জীৱন শৈলী
    আজিৰ দিনটো কুশলে যাব নে? ৰাশিফলে কি কয় জানি লওক
    ২০ ডিচেম্বৰ ২০২২, মঙলবাৰ

    মেষ : সৃজনশীলতাৰে ভৰা সময় আহিব। ব্যৱসায়ৰ ক্ষেত্ৰত এই সৃজনশীলতাক ব্যৱহাৰ কৰা প্ৰয়োজন, লাভ হ’ব। প্ৰেমত উত্তম।

    বৃষ : অৰ্থ বিনিয়োগৰ কথা ভাবিছে যদি সেয়া বৰ্তমান স্থগিত ৰাখক। ধন বিনিয়োগৰ বাবে এয়া আদৰ্শ সময় নহয়। সংসাৰ ঠিকে থাকিব।

    মিথুন : আৰ্থিক বৃদ্ধি অব্যাহত থাকিব। মনৰ কথা শুনি চলাৰ চেষ্টা কৰক। বহু ইংগিত পোৱা যাব। আয় বৃদ্ধি।

    কৰ্কট : নতুন নতুন যোগাযোগ তৈয়াৰ হ’ব পাৰে। স্বাস্থ্য সম্পৰ্কে সচেতন থাকক। কোনো ধৰণৰ ৰোগে দেখা দিব পাৰে। 

    সিংহ : দীৰ্ঘদিনৰ পৰিশ্ৰমৰ পিছত এতিয়া কিছু শান্ত হৈ বহাৰ সময়। কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব। পৰিয়ালৰো সমৰ্থন লাভ কৰিব।

    কন্যা : প্ৰচূৰ পৰিকল্পনাই মূৰত ভিৰ কৰিব। সম্ভৱ–অসম্ভৱ নানা কল্পনাত নিশাৰ টোপনি উৰি যোৱাৰ সম্ভাৱনা। মন শান্ত কৰি ৰাখক।

    তুলা : সকলো মনে ভবা ধৰণে নহ’বও পাৰে। কিন্তু সেয়া সাময়িক। পৰৱৰ্তী কিছুদিনত পৰিস্থিতি পুনৰ পূৰ্বৰ দৰেই হৈ উঠিব। ইতিবাচক পৰিস্থিতি বজাই ৰাখক।

    বৃশ্চিক : কৰ্মক্ষেত্ৰত শুভ যোগ। অৰ্থনৈতিক সমৃদ্ধিৰ সম্ভাৱনা। অকাৰণত মেজাজ নেহেৰুৱাব। প্ৰেমত শান্তি।

    ধনু : বহু অমীমাংসিত সমস্যাৰ সমাধান হ’ব। জীৱনলৈ শান্তি আহিব। পৰিৱৰ্তনৰ বাবে এয়াই শ্ৰেষ্ঠ সময়। প্ৰিয়জনৰ সৈতে ভাল সময় অতিবাহিত হ’ব।

    মকৰ : কৰ্মক্ষেত্ৰত ইতিবাচক পৰিস্থিতি তৈয়াৰ হ’ব। কামৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এয়া আদৰ্শ সময়। সময়ত কাম শেষ কৰক। প্ৰেমত মধুৰতা।

    কুম্ভ : যিকোনো ধৰণৰ বিনিয়োগ এই মুহূৰ্তত স্থগিত ৰাখক। কৰ্মক্ষেত্ৰ বা বাসস্থানত পৰিৱৰ্তন হ’ব পাৰে। মানসিক প্ৰস্তুতি প্ৰয়োজনীয়। উপাৰ্জন ভাল।

    মীন : ৰোমাণ্টিক জীৱনৰ আদৰ্শ সময়। বিবাহৰ পৰিকল্পনা কৰা যাব পাৰে। বিবাহিতসকলৰ বাবেও সম্পৰ্ক সুদৃঢ় কৰাৰ সময়। আলহী আহিব।