৭ জেঠ, দেওবাৰ ইং ২২ মে, ২০২২
১.মেষ ৰাশি (অ,ল) : - মেষ ৰাশিৰ জাতক -জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মক্ষেত্ৰত আনৰ বিশ্বাসযোগ্য হ'ব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয়ৰ আগমন হ'ব পাৰে বা বন্ধু লাভ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি ( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ হ'ব লগতে আজি আপোনাৰ শুভ সংবাদ লাভ হোৱা যোগ দেখা যায় ।
৩. মিথুন ৰাশি ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব , যদিও আজি আপুনি কৰ্মত ক্ষেত্ৰত সজাগ হৈ চলাটো ভাল হ'ব।
৪. কৰ্কট ৰাশি ( ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব,কৰ্মত শুভ হ'ব লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব, প্ৰেমত শুভ হ'ব, লগতে কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হ'ব,প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শিল্পীসকলৰ শুভ হ'ব, সন্মান বাঢ়িব, আৰ্থিক দিশত শুভ হ'ব যদিও যদিও দেহ মনত সাধাৰণ আঘাত পোৱাৰ যোগ দেখা যায় ।
৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, ব্যস্ততা বাঢ়িব , যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমত সামান্য জটিলতা বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।
১০. মকৰ ৰাশি (খ,জ): - মকৰ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব যদিও আজি আপুনি ঘৰুৱা কামত সজাগ হোৱাটো ভাল হ'ব , লগতে অবিশ্বাসী মানুহৰ পৰা আজি আতৰি থাকিব।
১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও কৰ্মত সজাগ নহ'লে সামান্য ভুল- ভ্ৰান্তি হ'ব পাৰে , লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হ'ব, লগতে আজি আপোনাৰ কৰ্মত সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
Leave A Comment