১০ জেঠ, বুধবাৰ ইং ২৫ মে, ২০২২।
১.মেষ ৰাশি (অ,ল): ভাল কামৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল ফল পাব। আজি আপোনাৰ ঘৰলৈ আত্মীয়ৰ আগমন হ'ব পাৰে।
২. বৃষ ৰাশি ( উ,ব,ই) : - আপোনাৰ শুভ সংবাদ লাভ হোৱা যোগ দেখা যায় । খৰচ নিয়ন্ত্ৰণ। কামত এলাহ।
৩. মিথুন ৰাশি ( ক,ছ) : ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব। আজি আপুনি বাহিৰত সজাগ হৈ চলাটো ভাল হ'ব। স্বাস্থ্যৰ শুভ।
৪. কৰ্কট ৰাশি ( ড,হ) : প্ৰেমত শুভ হ'ব। ভাল খবৰ লাভ কৰিব। আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- আৰ্থিক দিশত শুভ হ'ব।লগতে কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়। সন্তানক লৈ চিন্তা।
৬. কন্যা ৰাশি (প,ঠ) : শুভ সংবাদ লাভ। ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শিল্পীসকলৰ শুভ হ'ব, সন্মান বাঢ়িব, আৰ্থিক দিশত শুভ হ'ব যদিও যদিও দেহ মনত সাধাৰণ আঘাত পোৱাৰ যোগ দেখা যায় ।
৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, ব্যস্ততা বাঢ়িব , যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমত সামান্য জটিলতা বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।
১০. মকৰ ৰাশি (খ,জ): - মকৰ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব যদিও আজি আপুনি ঘৰুৱা কামত সজাগ হোৱাটো ভাল হ'ব , লগতে অবিশ্বাসী মানুহৰ পৰা আজি আতৰি থাকিব।
১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও কৰ্মত সজাগ নহ'লে সামান্য ভুল- ভ্ৰান্তি হ'ব পাৰে , লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হ'ব, লগতে আজি আপোনাৰ কৰ্মত সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
Leave A Comment