২৫/০৬/২৪, মঙলবাৰ
মেষ- কামৰ বাবে বহুতো সুযোগ আহিব । যিকোনো কথাতে সঠিক সময়লৈ অপেক্ষা কৰক। সুযোগৰ সদ্ব্যৱহাৰ কৰক। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১।
বৃষ- কামত মন নবহিব, আগ্ৰহ হেৰুৱাই পেলাব, সেয়ে মগজু শীতল কৰি ৰাখক। প্ৰেমত সাৱধান হ’ব। শুভ ৰং ৰঙা , শুভ সংখ্যা ৮।
মিথুন- সকলো দিশৰ পৰা সফলতা আহিব। স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে । শুভ ৰং আকাশী ,শুভ সংখ্যা ৬।
কৰ্কট- কৰ্মক্ষেত্ৰত বহু সময় দিবলগীয়া হ’লেও পাৰিবাৰিক সময় সুন্দৰভাৱে কটাব পাৰিব।আবেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল’ব । শুভ ৰং বগা , শুভ সংখ্যা ২।
সিংহ- মানসিকভাৱে অশান্ত থাকিলেও কামত অৱহেলা নকৰিব। অবাবত সময় অপচয় নকৰিব। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত ভালদৰে ভাবি চাব। শুভ ৰং সোণালী ,শুভ সংখ্যা ৪।
কন্যা – পাৰিবাৰিক অশান্তিৰ সম্ভাৱনা আছে, আনৰ সৈতে ভাল ব্যৱহাৰ কৰক।ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। প্ৰেমৰ সম্পৰ্কই বিয়াৰ পৰ্যায় পাবগৈ পাৰে। শুভ ৰং নীলা শুভ সংখ্যা ৭।
তুলা- নিজৰ দোষ বেলেগৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব। ব্যক্তিগত সম্পৰ্কত মাধুৰ্যতা বাঢ়িব। এটা সুন্দৰ দিন পাৰ হ’ব। শুভ ৰং বাদামী, শুভ সংখ্যা ৩।
বৃশ্চিক- সকলো দিশৰ পৰা সফলতা আহিব। আত্মবিশ্বাসৰ সৈতে কাম কৰক।অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে। শত্ৰুক সহজতে পৰাজিত কৰিব পাৰিব। শুভ ৰং মেৰুণ,শুভ সংখ্যা ৫।
ধনু- সামান্য চেষ্টাতে কৰ্মসিদ্ধি হ’ব। কৰ্মক্ষেত্ৰত সুনাম বাঢ়িব। খং কমাব। প্ৰেমৰ সম্বন্ধ শক্তিশালী হ’ব। দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং ৰূপালী, শুভ সংখ্যা ৯।
মকৰ-ডাঙৰ কোনো আৰ্থিক বিনিয়োগ নকৰিব। বিবাহ-প্ৰস্তাৱৰ বাবে উত্তম সময়। টকা আৰু কৰ্মক্ষেত্ৰত অতি আত্মবিশ্বাসী মনোভাৱ থাকিব। শুভ ৰং হালধীয়া , শুভ সংখ্যা ৭।
কুম্ভ- কোনো কামৰ আৰম্ভণিৰ বাবে দিনটো শুভ। নিজৰ মতামত শ্বেয়াৰ কৰিলে আজি প্ৰশংসা পাব পাৰে। কামৰ ক্ষেত্ৰত সুন্দৰ সুযোগ আহিব পাৰে। শুভ ৰং গাঢ় নীলা, শুভ সংখ্যা ৮।
মীন- কৰ্মক্ষেত্ৰত মাৰাত্মক ভুল বুজাবুজিৰ সম্ভাৱনা আছে। সংগীৰ সৈতে দিনটো সুন্দৰভাৱে পাৰ হ’ব । আজি গাড়ীৰ পৰা সাৱধান হ’ব । শুভ ৰং আকাশী , শুভ সংখ্যা ২।
Leave A Comment