• মঙলবাৰৰ ৰাশিফল চাওঁ আহক! জানি লওক দিনটো কেনেদৰে যাব

    জীৱন শৈলী
    মঙলবাৰৰ ৰাশিফল চাওঁ আহক! জানি লওক দিনটো কেনেদৰে যাব


    ২৬ মাৰ্চ ২০২৪, মঙলবাৰ

    মেষ: মনত সুখ বাঢ়িব। আত্মবিশ্বাস বাঢ়িব। মনৰ আনন্দ বৃদ্ধি। স্বাস্থ্যত শুভ। নতুন উপাৰ্জনৰ বাট মূকলি। বন্ধুৰ আগমন।

    বৃষ: পৰিয়ালত শুভ। সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। ধৰ্মীয় কৰ্মত মন বহিব। আনৰ কথা লগাই ফুৰাসকলৰ মানহানি।  বাহিৰা খাদ্য বৰ্জন কৰক।

    মিথুন : কৰ্মক্ষেত্ৰত  কৃতিত্ব লাভৰ যোগ। সংসাৰত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। কোনো আপোন মানুহে মনত কষ্ট দিব পাৰে। সন্তানকলৈ চিন্তা। 

    কৰ্কট : কুকুৰ-বান্দৰৰ পৰা সাৱধান। অযথা চিন্তা এৰাই চলক। বুকুৰ বিষ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কোনো সহায় লাভ। 

    সিংহ : ৰাজনীতিত সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত সমস্যা দূৰ হ'ব।  সমাজৰ কামত আগ-ভাগ। মাতৃস্থান শুভ।

    কন্যা : কোনো ভাল খবৰ পাব। আনক বেয়াকৈ  একো নক'ব।  ঘৰত সংঘাত আঁতৰিব। বিবাহৰ প্ৰস্তাৱ পাব পাৰে।

    তুলা : গুপ্ত শত্ৰু চিনাক্ত হ’ব। মাংগলিক কাম-কাজৰ চিন্তা। আলহীৰ সমাগমে মন ভাল লগাব। কোনো ভয়-চিন্তা দূৰ হ'ব।

    বৃশ্চিক : সমস্যা সমাধানত ভাতৃৰ সহযোগ। খৰচ বৃদ্ধি।  মূৰৰ বিষ হ'ব পাৰে। চোৰৰ পৰা সাৱধান। পৰিয়ালত শান্তি।

    ধনু : কৰ্মত মন দিয়ক। ভাল চিন্তাত ব্ৰতী থাকক। কোনো মানুহক মিছা ক’লে বিপদত পৰিব। ভ্ৰমণৰ যোগ দেখা গৈছে।

    মকৰ :  জনপ্ৰিয়তা বাঢ়িব । আনৰ প্ৰশংসা পাব। প্ৰেমত আনন্দ। স্বাস্থ্য  শুভ। সৃষ্টিশীল কামত মন বহিব।

    কুম্ভ : অনেক কামৰ সুযোগ পাব। কোনো শুভ কৰ্মত যোগদান। সামাজিক সচেতনতা বৃদ্ধি। কৰ্মৰ বোজা হ্ৰাস পাব। প্ৰেমত শুভ।

    মীন : মনত কোনো কথাই আনন্দ দিব। কৰ্মস্থান সলনি হ'ব পাৰে। নতুন বন্ধুত্ব গঢ়ি উঠিব পাৰে। ঘৰক লৈ নতুন পৰিকল্পনা। আয় বাঢ়িব।