• এপ্ৰিলৰ শেষৰ দিনটো কেনে যাব? ৰাশিফল চাওক

    জীৱন শৈলী
    এপ্ৰিলৰ শেষৰ দিনটো কেনে যাব? ৰাশিফল চাওক


    ৩০/০৪/২৪, মঙলবাৰ

    মেষ ৰাশি : আধ্যাত্মিক শক্তিয়ে আপোনাৰ দিনটো শুভ কৰি তুলিব । কামত পৰিপূৰ্ণতাৰ যোগ আছে। ক্ৰোধ আৰু কথাত নিয়ন্ত্ৰণ ৰাখক । সম্ভৱ হ’লে নতুন কাম হাতত নল’ব আৰু ভ্ৰমণলৈ নাযাব ৷


    বৃষ ৰাশি : ঈশ্বৰৰ আশীৰ্বাদত আপোনাৰ সাংসাৰিক জীৱনত শুভ ৷ পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে সংগ উপভোগ কৰক ৷ সৰু ভ্ৰমণৰ আয়োজন কৰিব পাৰে । ধনৰ দেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷


    মিথুন ৰাশি : দিনটো আপোনাৰ বাবে শুভ। ঘৰুৱা পৰিৱেশ উৎসাহজনক আৰু শান্তিপূৰ্ণ হৈ থাকিব । অসমাপ্ত কাম সমাপ্ত কৰিব পাৰিব, যাৰ ফলত আপোনাৰ সুনাম আৰু সৌভাগ্য বৃদ্ধি হ’ব । আৰ্থিক লাভৰো যোগ আছে। 


    কৰ্কট ৰাশি : দিনটো অশান্তিৰে পাৰ হ'ব পাৰে । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে কষ্টত ভুগিব পাৰে । উদ্বিগ্ন হৈ থাকিব আৰু পেটৰ সমস্যা হ’ব পাৰে । অকস্মাৎ ব্যয়ৰ সম্ভাৱনা আছে । কাজিয়া, ভ্ৰমণ আৰু নতুন কাম হাতত লোৱাৰপৰা বিৰত থাকক ।


    সিংহ ৰাশি : শাৰীৰিকভাৱে অসুস্থ আৰু উদ্বিগ্ন হৈ থাকিব । আত্মীয়-স্বজনৰ সৈতে কিছু অপ্ৰত্যাশিত অপ্ৰীতিকৰ ঘটনা হ’ব পাৰে । মাতৃৰ মন বেয়া হ’ব পৰা ঘটনা ঘটিব পাৰে । স্বাস্থ্যক লৈ চিন্তাত থাকিব । চৰকাৰী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ চহী কৰাৰ সময়ত সতৰ্ক থাকিব ।


    কন্যা ৰাশি : কোনো কথা চিন্তা নকৰাকৈ নতুন কাম হাতত নল’ব । বন্ধু আৰু আত্ময়ীৰ সৈতে সাক্ষাৎ হ’ব পাৰে । সকলো কামতে সফলতা লাভ কৰিব ৷ আৰ্থিক লাভৰ যোগ আছে । সামাজিকভাৱে সন্মান অৰ্জন কৰিব।


    তুলা ৰাশি : আপোনাৰ মন দুৰ্বল হৈ থাকিব ৷ কোনো সিদ্ধান্ত ল’ব কঠিন হ’ব পাৰে । কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন কোনো কাম হাতত নল’ব । পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে। কথা কওঁতে মুখ চম্ভালক ৷ আঁকোৰগোজ হৈ থকাতকৈ নমনীয় হৈ থাকক।


    বৃশ্চিক ৰাশি : দিনটো শুভ । শাৰীৰিক আৰু মানসিকভাৱে উত্তম অৱস্থাত থাকিব । পৰিয়ালৰ লোকৰ সৈতে ভাল সময় কটাব । প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে । আপুনি সুসংবাদ পাব পাৰে। ভ্ৰমণৰ যোগ আছে ।


    ধনু ৰাশি :দিনটো জটিল হ’ব পাৰে । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ সম্ভাৱনা আছে। ভাবি চিন্তি কথা ক’ব। খং নকৰিব। দুৰ্ঘটনাৰ পৰা সাৱধানে থাকক। শাৰীৰিক অসুস্থতা হ’ব পাৰে । ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।


    মকৰ ৰাশি : বন্ধু আৰু প্ৰিয়জনক লগ পাই আনন্দ ফুৰ্তিৰে দিনটো পাৰ কৰিব । সামাজিকভাৱে, কৰ্মক্ষেত্ৰত আৰু অন্যান্য ক্ষেত্ৰত লাভদায় হৈ উঠিব । বিবাহ প্ৰাৰ্থীসকলে আজি সহজতে নিজৰ বাবে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী লাভ কৰিব । ভ্ৰমণৰ যোগ আছে । পৰিয়ালত কোনো শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে ৷


    কুম্ভ ৰাশি : দিনটো ফলদায়ক। সহজতে নিজৰ সকলো কামত সফল হ’ব, সেয়েহে আপুনি আনন্দত থাকিব । কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে । বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব ৷ আৰ্থিক লাভৰ যোগ আছে। সাংসাৰিক জীৱন উত্তম ।ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে ৷ গোটেই দিন আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । আপোনাৰ খং উঠি থাকিব । 


    মীন ৰাশি : শান্তিৰে থাকিব । সহকৰ্মীসকলৰ সৈতে কোনো প্ৰকল্পত যদি কাম কৰি আছে, তেতিয়া হ’লে সাৱধানে থাকক। সন্তানক লৈ চিন্তাত থাকিব পাৰে। অনাৱশ্যক খৰচ হোৱাৰ সম্ভাৱনা আছে । বিতৰ্ক নকৰিব । পেটৰ গণ্ডগোল হ’ব পাৰে। ভাল দিনৰ বাবে অপেক্ষা কৰক।কথা কওঁতে সাৱধান হওক ৷