• কেনে যাব আজি আপোনাৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    কেনে যাব আজি আপোনাৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল
    ডিজিটেল ডেস্কঃ আজি ২৫  ছেপ্টেম্বৰ  ২০২৩ , সোমবাৰ।আজিৰ দিনটো বিভিন্ন ৰাশিৰ লোকৰ বাবে কেনে যাব জানো আহক। 

    মেষ- সিদ্ধান্ত লওঁতে ভালকৈ ভাবি চিন্তি ল’ব। সৰু-সুৰা কথাৰ বাবে কাৰোৰে লগত কাজিয়া নকৰিব। দাম্পত্যত সাৱধান হ’ব। মাতৃৰ শুভ।

    বৃষ- আজিৰ দিনটো ব্যৱসায় কৰা ব্যক্তি সকলৰ বাবে শুভ। যদি বিনিয়োগ কৰিব বিচাৰিছে তেনেহলে হাতলৈ ডাঙৰ সুযোগ আহিব। বন্ধু লাভ।

    মিথুন- কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। যিকোনো কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। হঠাতে ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দাঁতৰ ৰোগৰ সম্ভাৱনা।


    কৰ্কট- সম্পত্তি সম্পৰ্কীয় বিবাদত জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ ল’ব। বিত্তীয় পৰিস্থিতি শক্তিশালী হ’ব। শিক্ষৰ্থীয়ে পৰীক্ষাত সফলতা লাভ কৰিব। হঠাতে নতুন খবৰ লাভ।


    সিংহ- আজিৰ দিনটো আপোনাৰ ভাল  চিন্তাৰে পাৰ হ’ব। কৰ্মক্ষেত্ৰত থকা বাধা সমূহ আঁতৰাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ যোগ আছে। শিঙাল জীৱৰ পৰা সাৱধানে থাকিব। 

    কন্যা- আজি দিনটোত আপুনি ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰিয় জনৰ পৰা উপহাৰ লাভ কৰিব।খৰচ বৃদ্ধি পাব পাৰে। 


    তুলা – সৰু সৰু কথাতে খং নকৰিব।ই আপোনাৰ কামত প্ৰভাৱ পেলাব। দিনটো ব্যস্ততাৰে পাৰ হ’ব। আজি কোনো আইনী বিষয়ত নোসোমাব। পেটৰ ৰোগৰ পৰা সাৱধান হ’ব। 

    বৃশ্চিক- কৰ্মক্ষেত্ৰত আপোনাৰ শত্ৰুসকলে আজি আপোনাৰ কামত বাধা প্ৰদান কৰিব। শিক্ষাৰ্থী সকলে পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শুভ সংবাদ লাভৰ যোগ। 

    ধনু- আজিৰ দিনটোত আপোনাৰ সন্মান বৃদ্ধি পাব। চাকৰি বিচাৰি থকা লোক সকলে সফলতা লাভ কৰিব। ব্যৱসায়ী সকলে অধিক পৰিশ্ৰম কৰিব লাগিব।শিভ সংবাদ লাভ কৰিব। 

    মকৰ- আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ দিন হ’ব। আজি ধন লাভ কৰাৰ বহুটো সুবিধা পাব। প্ৰেমত যদি কোনো সমস্যা হৈ আছে তেনেহলে আজি পৰিত্ৰাণ লাভ কৰিব। কথা কওঁতে ভাবি-চিন্তি ক’ব।




    কুম্ভ- আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে শুভ যদিও যান-বাহনত সতৰ্ক হ’ব। খৰচ বৃদ্ধিৰ যোগ দেখা যায়। দাঁত আৰু পেটৰ ৰোগৰ প্ৰতি সচেতন হ’ব। আলহী আহিব পাৰে।

     মীন-চাকৰিয়াল সকলৰ পদোন্নতিৰ বাবে স্থানান্তৰ কৰিব পাৰে।ব্যৱসায় কৰা লোক সকলে যিকোনো বস্তুটো ক্ৰয় কৰোতে বৃহৎ ৰেহাই পাব। খৰচ কিছু বাঢ়িব। অতিথিৰ আগমন।