ডিজিটেল ডেস্কঃ আজি শাওণৰ শেষৰটো দিন। শাওণ মাহ মহাদেৱ শিৱৰ নামত উৎসৰ্গিত। শিৱ ভক্তসকলে গোটেই বছৰটো শাওণ মাহৰ বাবে অপেক্ষা কৰে। শাওণ মাহৰ গোটেইকেইটা দিনৰে বিশেষ মহত্ব আছে। পৌৰাণিক কাহিনী অনুসৰি শাওণত ভোলানাথক পূজা কৰিলে সকলো দুখ-যন্ত্ৰণাৰ পৰা মুক্ত হৈ আকাংক্ষিত ফল পোৱা যায়। আজি শাওণৰ শেষৰটো দিন। এই দিনটোতো কিছুমান বিশেষ কাম কৰিলে ভগৱান শিৱ সহজতে সন্তুষ্ট হয় আৰু ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰি জীৱনটো সুখৰ কৰি তোলে।
কি কি কৰিব লাগে জানি লওক
ঘৰৰ মন্দিৰত বা থাপনাত ধূপ-চাকি জ্বলাওক। যিসকলে পাৰে তেওঁলোকে দেৱতাসকলৰ জল অভিষেক কৰক।
শিৱলিংগত গাখীৰ আৰু পানী আগবঢ়াওক। ফুল আগবঢ়াওক।
ভগৱান শিৱক চন্দন, বগা ফুল, বেলপত্ৰ, লাজুকীলতাৰ পাত, ভাং, ধতুৰা ফুল আৰু ভস্ম অৰ্পণ কৰক।
ভগৱান শিৱৰ মন্ত্ৰ ১০৮ বাৰ জপ কৰক।
ভগৱান শিৱৰ আৰতি কৰক। ভোগ আগবঢ়াওক। ধ্যান আৰু ভগৱান শিৱক প্ৰাৰ্থনা কৰক।
এই দিনটোত ভগৱান শিৱক তিল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা পাপৰ পৰা মুক্তি পোৱা যায়।
শিৱলিংগত চেনিযুক্ত গাখীৰ আগবঢ়াওক। ইয়াৰ ফলত বুদ্ধি চোকা হয়।
আজিৰ দিনটোত ভগৱান শিৱক যৱ আগবঢ়াওক। এনে কৰিলে ঘৰখনত সুখ আৰু শান্তি ৰৈ যায়।
শিৱক গংগাজলেৰে অভিষেক কৰক। ইয়াৰ ফলত মোক্ষপ্ৰাপ্তি হয়।
গধূলিৰ ভিতৰত এই উপায়সমূহ কৰিবলৈ যত্ন কৰক। মহাদেৱ শিৱই আপোনাক প্ৰতিটো ক্ষণতে সুৰক্ষা প্ৰদান কৰিব। বিশেষ আশীৰ্বাদ প্ৰদান কৰি আপোনাৰ জীৱন মহাদেৱে সুখ-শান্তিৰে উপচাই পেলাব।
Leave A Comment