• কেৱল ৰন্ধা-বঢ়াই নহয়, তেজপাতৰে চুলিৰ যত্নৰ কেইটামান কৌশল জানো আহক

    জীৱন শৈলী
    কেৱল ৰন্ধা-বঢ়াই নহয়, তেজপাতৰে চুলিৰ যত্নৰ কেইটামান কৌশল জানো আহক

    ডিজিটেল ডেস্ক : তেজপাত বাঙালী খাদ্যৰ এক অপৰিহাৰ্য উপাদান হোৱাৰ লগতে তেজপাতেৰে
    চুলিৰ যত্ন কৰিলে সুফল পাব পাৰে। তেজপাত নিয়মিতভাৱে কেইটামান বিশেষ ধৰণে ব্যৱহাৰ কৰিলে
    উফিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি। তেজপাতেৰে চুলিৰ বহুতো সমস্যাৰ সমাধান পাব পাৰি
    জানো আহক।



     তেজপাত কেনেকৈ ব্যৱহাৰ কৰিব?



    উফি আঁতৰাবলৈ তেজপাত উপযোগী। ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণে
    উফি দূৰ কৰাত সহায় কৰে। ৩-৪টা তেজপাত ভালদৰে পিহি নাৰিকল তেলৰ লগত মিহলাই লাহে লাহে
    গৰম কৰি লওক। ইয়াৰ পাছত মূৰৰ ছালখন ভালদৰে মালিচ কৰিব। এইবাৰ টাৱেল এখন গৰম পানীত
    তিয়াই লওক, টাৱেলখন মূৰত মেৰিয়াই আধা ঘণ্টা ধৰি লওক। আধা ঘণ্টাৰ পাছত ভালদৰে মূৰটো
    ধুব।



     তেজপাত প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। কেইটামান তেজপাত পানীত
    উতলাই লওক। ইয়াৰ পাছত পানীখিনি দহ মিনিট ঠাণ্ডা কৰি চেকি লওক। এই পানী শ্বেম্পু কৰাৰ
    পাছত চুলিত লগাই ৫ মিনিট অপেক্ষা কৰক। ইয়াৰ পাছত পৰিষ্কাৰ পানীৰে চুলিখিনি ধুই
    পেলাব। চুলি সুস্থ কৰি ৰাখিবলৈ তেজপাত আৰু দৈৰ পেকও বনাব পাৰে। তেজপাত পিহি লোৱাৰ পাছত
    টেঙা দৈৰ লগত ভালদৰে মিহলাই ল’ব পাৰে। এই পেকটো ফ্ৰীজত ৰাখক। গা ধোৱাৰ আগতে পেকটো মূৰত
    লগাই দহ মিনিট ৰাখি চেম্পু কৰিব।



     উফি আৰু বেক্টেৰিয়াৰ বাবে বহু সময়ত মূৰৰ ছালত খজুৱতি হয়। তেজপাতৰ পানীয়েও
    এই সমস্যা কমোৱাত সহায় কৰিব পাৰে। কিছু তেজপাত আধা লিটাৰ পানীত ৩-৪ মিনিট উতলাই পানীখিনি
    ঠাণ্ডা কৰি লওক। এই পানী নিয়মিতভাৱে মূৰৰ ছাল লগালে সংক্ৰমণ হ্ৰাস পাব পাৰে। কিন্তু
    যদিহে সমস্যা অধিক বাঢ়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।