• শীতকালত কবি খোৱাটো ছালৰ বাবে উপকাৰী, বিশেষজ্ঞই কি কয় জানি লওক

    জীৱন শৈলী
    শীতকালত কবি খোৱাটো ছালৰ বাবে উপকাৰী, বিশেষজ্ঞই কি কয় জানি লওক

    ডিজিটেল ডেস্ক : শীতকালত মানুহে
    আলু-কবিৰ যিকোনো ব্যঞ্জনৰ সোৱাদ লয় বা এইবিধ পাচলি ঘৰে ঘৰে প্ৰায় বনোৱা হয়। ফুলকবিত
    ভিটামিন-চি, আঁহ, প্ৰটিন, ফছফৰাছ আদি উপাদান পোৱা যায়, যিয়ে শৰীৰ বাবে অতি উপকাৰী।
    কিন্তু একাংশ লোকৰ মতে ফুলকবিয়ে গেছ সৃষ্টি কৰে বুলি ভ্ৰান্ত ধাৰণা আছে। সেয়েহে আজি
    আমি শীতকালত কবি খোৱাটো ছালৰ বাবে কিমান উপকাৰী, তাৰ বিষয়ো জানিম আহক।



     ফুলকবিৰ ভিতৰত অতি কম পৰিমাণৰ কেলৰি
    পোৱা যায়, যিয়ে আপোনাৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে। ফলত মেদবহুলতা বৃদ্ধি নহয়। ইয়াৰ
    লগতে কবি সেৱনে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। শৰীৰৰ বেয়া কলেষ্টেৰল কমোৱাতো ই সহায়ক।
    বিশেষ কথাটো হ’ল খাদ্যত কবি যিমানেই সুস্বাদু দেখা যায় সিমানেই স্বাস্থ্যৰ বাবেও উপকাৰী।



     চিকিৎসকৰ মতে গৰ্ভৱতী মহিলাৰ বাবে কবিৰ যথেষ্ট উপকাৰ
    আছে। ইয়াত থকা ফোলেটে কোষ বৃদ্ধিত সহায় কৰে আৰু শিশুৰ বাবে ই অতি প্ৰয়োজনীয়। কবিত
    ভিটামিন-বি থাকে যিটো গৰ্ভৱতী মহিলাৰ বাবে সহায়ক হ’ব পাৰে। ইয়াৰ লগতে কবি খোৱাৰ ফলত
    আপোনাৰ দুৰ্বল হাড়বোৰো মজবুত হয়। ই আপোনাৰ হজম শক্তিও ভাল কৰি ৰাখে। সেইবাবেই আপুনি
    শীতকালত ফুলকবি খাবলৈ নিঃসংকোচে খাব পাৰে। মাত্ৰ এটা কথা মনত ৰাখিব যে ইয়াৰ অত্যধিক
    পৰিমাণে খালে পেটৰ ক্ষতি কৰিব পাৰে।