• ফাঁকুৱাৰ দিনটোতে আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ; এই সময়ছোৱাত কি কৰিব, কি নকৰিব? জানক সবিশেষ

    জীৱন শৈলী
    ফাঁকুৱাৰ দিনটোতে আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ; এই সময়ছোৱাত কি কৰিব, কি নকৰিব? জানক সবিশেষ
    ডিজিটেল ডেস্ক: আজি ৰঙৰ উৎসৱ ফাঁকুৱা৷ আৰু এই ফাঁকুৱাৰ দিনটোতে আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ৷ হিন্দু পঞ্জিকা অনুসৰি চলিত বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আজি সংঘটিত হ’ব। এই চন্দ্ৰগ্ৰহণ আজি পুৱা ১০:২৪ বজাৰ পৰা বিয়লি ৩:০১ বজালৈ চলিব। এই চন্দ্ৰগ্ৰহণৰ মুঠ সময় হ’ব ৪ ঘণ্টা ৩৬ মিনিট।

    আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, ভাৰতত দৃশ্যমান নহ’ব৷

    চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰা উচিত, কি কৰা অনুচিত?
    জ্যোতিষ শাস্ত্ৰৰ মতে, চন্দ্ৰগ্ৰহণৰ সময়ত ইষ্ট দেৱতাৰ বা গায়ত্ৰী মন্ত্ৰ জপ কৰিলে নিজৰ বাবে শুভদায়ক। ধৰ্মীয় ৰীতি আৰু বিশ্বাস অনুসৰি চন্দ্ৰগ্ৰহণৰ সময়ত বিষ্ণু সহস্ৰনাম, দুৰ্গা চালিচা, গজেন্দ্ৰ মোক্ষ পাঠ কৰিব লাগে। গ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে খাদ্য আৰু পানীয়ত তুলসীৰ পাত দিব। এনে কৰিলে গ্ৰহণে খাদ্য সামগ্ৰীৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে বুলি বিশ্বাস কৰা হয় হিন্দুধৰ্মীয় পৰম্পৰাত৷