• পুৱা কৰা এইকেইটা কামে জীৱনলৈ কঢ়িয়াই আনে সুখ-সমৃদ্ধি আৰু সফলতা, জানো আহক

    জীৱন শৈলী
    পুৱা কৰা এইকেইটা কামে জীৱনলৈ কঢ়িয়াই আনে সুখ-সমৃদ্ধি আৰু সফলতা, জানো আহক

    ডিজিটেল ডেস্ক : পুৱাই ভগৱানৰ নাম
    জপ কৰিলে গোটেই দিনটো শুভ হয়। পুৱা কৰা কিছুমান ভাল কামে জীৱনত দুৰ্যোগক আঁতৰাই সফলতা
    কঢ়িয়াই আনে আৰু দিনটো সুখৰে পাৰ হয়।



     * পুৱা সময়ত গীতাৰ পাঠ কৰিলে শৰীৰত
    ইতিবাচক শক্তিৰ সঞ্চাৰ ঘটে আৰু মনটো নিয়ন্ত্ৰণত থাকে, যাৰ বাবে প্ৰতিটো সমস্যাৰে মোকাবিলা
    কৰাটো সহজ হৈ পৰে।



     * পুৱা চকু মেলিলেই প্ৰথমে দুয়োখন
    হাতৰ তলুৱা চালে দেৱ-দেৱীৰ আশীৰ্বাদ লাভ কৰে বুলি বিশ্বাস কৰা হয়। ধন-সম্পত্তি আৰু
    সমৃদ্ধি পাবলৈ এই ক্ষুদ্ৰ প্ৰতিকাৰ দৈনিক কৰক।



     * পুৱা মালক্ষ্মী মন্ত্ৰ পাঠ কৰিলে
    দিনটোৰ প্ৰতিটো কাম সফল হয়। লক্ষ্যত সফলতা নামি আহে।



     * যদি আপুনি গন্তব্য স্থানত উপনীত
    হ’ব বিচাৰে তেন্তে প্ৰতিদিনে সূৰ্য্য দেৱতাক পূজা কৰক। সূৰ্য্যৰ উজ্জ্বলতাই আমাক ধনাত্মক
    শক্তি প্ৰদান কৰে উন্নতিত সহায় কৰে।



     * দৈনিক পুৱা চৰাইক আহাৰ খুৱালে
    মালক্ষ্মীয়ে সন্তুষ্ট হয় আশীৰ্বাদ প্ৰদান কৰে।



     * প্ৰতিটো দিনক নতুন আৰু ভাল কৰিবলৈ
    প্ৰতিদিনে কিছু জ্ঞান আহৰণ কৰাৰ সংকল্প লওক। জ্ঞানে মানুহক প্ৰতিটো বিপদৰ পৰা ৰক্ষা
    কৰে।