• ইণ্টাৰনেটৰ গ্ৰাসত ৯ৰ পৰা ১৭ বছৰ বয়সৰ শিশু ছ’চিয়েল মিডিয়া, অনলাইন গেমিঙৰ নিচা, ৪০ শতাংশ অভিভাৱক চিন্তিত

    জীৱন শৈলী
    ইণ্টাৰনেটৰ গ্ৰাসত ৯ৰ পৰা ১৭ বছৰ বয়সৰ শিশু  ছ’চিয়েল মিডিয়া, অনলাইন গেমিঙৰ নিচা, ৪০ শতাংশ অভিভাৱক চিন্তিত

    ডিজিটেল ডেস্ক : শিশুৰ মাজত ইণ্টাৰনেটৰ
    ব্যৱহাৰ দিনকদিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ এক সমীক্ষাত পোৱা গৈছে যে দেশৰ প্ৰায় ৪০
    শতাংশতকৈ অধিক অভিভাৱকে তেওঁলোকৰ সন্তান ছ’চিয়েল মিডিয়া, ভিডিঅ’ চোৱা আৰু অনলাইন
    গেম খেলাৰ প্ৰতি আসক্তিৰ অভিযোগ কৰে। এই শিশুসকলৰ বয়স প্ৰায় ৯ৰ পৰা ১৭ বছৰৰ ভিতৰৰ।
    এই সমীক্ষাটো কমিউনিটি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম LocalCirclesয়ে কৰিছে।



     ১. শিশুৱে দৈনিক ৩ ঘণ্টা ইন্টাৰনেটত
    কটায়-



    সমীক্ষাত অংশগ্ৰহণ কৰা ৪৯ শতাংশ
    অভিভাৱকে কয় যে তেওঁলোকৰ ৯ৰ পৰা ১৩ বছৰীয়া সন্তানে দিনটোত ৩ ঘণ্টাৰো অধিক সময় ইণ্টাৰনেটত
    কটায়। একে সময়তে ৪৭ শতাংশ অভিভাৱকে কয় যে তেওঁলোকৰ সন্তান ছ’চিয়েল মিডিয়া, ভিডিঅ’
    আৰু অনলাইন গেমিঙৰ প্ৰতি বেয়াকৈ আসক্ত। 
    আনহাতে ৬২ শতাংশ অভিভাৱকে অভিযোগ
    কৰে যে ১৩ৰ পৰা ১৭ বছৰ বয়সৰ শিশুৱে প্ৰতিদিনে ৩ ঘন্টাতকৈ অধিক সময় স্মাৰ্টফোন ব্যৱহাৰ
    কৰে।ইয়াৰ বিপৰীতে ৪৪ শতাংশ অভিভাৱকে কয় যে তেওঁলোকৰ সন্তান ইণ্টাৰনেটৰ মনোৰঞ্জনৰ প্ৰতি
    আসক্ত।



     ২. অনলাইন ক্লাছৰ দ্বাৰা বৃদ্ধি
    পালে নিচা-



    সমীক্ষাত অংশগ্ৰহণ কৰা প্ৰায় ৫৫
    শতাংশ অভিভাৱকে জনাইছে যে তেওঁলোকৰ ৯ৰ পৰা ১৩ বছৰীয়া সন্তানে গোটেই দিনটো স্মাৰ্টফোনৰ
    ব্যৱহাৰ কৰে। একে সময়তে ৭১ শতাংশ লোকে কয় যে তেওঁলোকৰ ১৩ৰ পৰা ১৭ বছৰীয়া সন্তানে
    গোটেই দিনটো ফোন ব্যৱহাৰ কৰি থাকে। কৰ’না সময়ত অনলাইন ক্লাছৰ দ্বাৰা শিশুৰ মাজত স্মাৰ্ট
    গেজেটৰ আসক্তি বৃদ্ধি পোৱাত সকলো অভিভাৱকে একমত প্ৰকাশ কৰে।



     ৩. ফোন ব্যৱহাৰ কৰি মানসিক চাপ
    আৰু হতাশা বৃদ্ধি-



    আজিকালি ছ’চিয়েল মিডিয়াৰ অত্যধিক
    ব্যৱহাৰৰ বাবে শিশুসকল মানসিক স্বাস্থ্যজনিত বিকাৰৰ বলি হৈছে। তেওঁলোকৰ মাজত মানসিক
    চাপ, উদ্বেগ আৰু হতাশা বাঢ়িছে। লগতে আত্মবিশ্বাস, মনোযোগ আৰু ভাল টোপনিৰ অভাৱ। কিশোৰ-কিশোৰীৰ
    আচৰণতো দ্রুত পৰিৱর্তন ঘটিছে৷ তেওঁলোক স্বভাৱগতভাৱে অধিক খিংখিঙীয়া হৈ পৰিছে। আমেৰিকান
    একাডেমী অব পেডিয়াট্ৰিক্সৰ তথ্য অনুসৰি ভাল টোপনিৰ বাবে ইলেক্ট্ৰনিক যন্ত্ৰৰ ব্যৱহাৰ
    দৈনিক ২ ঘন্টাতকৈ কম হ’ব লাগে।



     ৪. ছ’চিয়েল মিডিয়া চলোৱাৰ যুগত
    পৰিৱৰ্তন



    সমীক্ষাত ৬৮ শতাংশ অভিভাৱকে কয়
    যে ছ’চিয়েল মিডিয়া একাউণ্ট তৈয়াৰ কৰাৰ বাবে নূ্ন্যতম বয়স ১৩ বছৰৰ পৰা ১৫ বছৰলৈ
    বৃদ্ধি কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ চৰকাৰে নিশ্চিত কৰিব লাগে যে ছ’চিয়েল মিডিয়া
    প্লেটফৰ্মৰ নিৰ্দেশনাসমূহ যাতে কঠোৰভাৱে পালন কৰা হয়। ১৫ বছৰৰ তলৰ শিশুৱে নিজাকৈ একাউণ্ট
    তৈয়াৰ কৰিব নোৱাৰে।



     এই সমীক্ষা ভাৰতৰ ২৮৭খন জিলাৰ ৬৫
    হাজাৰ অভিভাৱকৰ ওপৰত কৰা হৈছিল। ইয়াৰে ৬৭ শতাংশ পুৰুষ আৰু ৩৩ শতাংশ মহিলা। ৫১ শতাংশ
    লোক মেট্ৰ’ চহৰ বা টায়াৰ-১ চহৰৰ আছিল। আনহাতে ৩৭ শতাংশ টায়াৰ-২ আৰু ১২ শতাংশ টায়াৰ-৩
    আৰু টায়াৰ-৪ জিলাৰ। এই অধ্যয়নত ৯ৰ পৰা ১৩ বছৰ আৰু ১৩ৰ পৰা ১৭ বছৰীয়া শিশুক ভাগ কৰা
    হৈছিল।