• কেৱল পুৱাতেই নহয়, নিশা ব্ৰাছ কৰিলে বহু ৰোগ আঁতৰি থাকে, সবিশেষ জানো আহক…

    জীৱন শৈলী
    কেৱল পুৱাতেই নহয়, নিশা ব্ৰাছ কৰিলে বহু ৰোগ আঁতৰি থাকে, সবিশেষ জানো আহক…

    ডিজিটেল ডেস্ক : দাঁত আমাৰ শৰীৰৰ
    এক গুৰুত্বপূৰ্ণ অংগ। সেয়েহে আমি দাঁতৰ যত্ন লোৱাটো অতি প্ৰয়োজন। যদি দাঁতৰ যত্ন লোৱা
    নহয়, তেন্তে ই মুখৰ বহু সমস্যাৰ কাৰণ হৈ পৰিব পাৰে। গতিকে কেৱল পুৱাই নহয়, নিশাও
    খাদ্য গ্ৰহণৰ পাছত ব্ৰাছ কৰাটোও অতি প্ৰয়োজন। নিশা ব্ৰাছ নকৰাৰ কি অসুবিধা হয় জানো
    আহক।



     সংক্ৰমণৰ আশংকা-



    নিশা ব্ৰাছ নকৰাকৈ থাকিলে মুখৰ
    সংক্ৰমণৰ আশংকা থাকে। নিশা খাদ্য খোৱাৰ পিছত সকলো বেক্টেৰিয়া মুখত জমা হৈ সংক্ৰমণৰ
    কাৰণ হৈ পৰে। ব্ৰাছ কৰিলে মুখ পৰিষ্কাৰ হয়।



     হেলিট’ছিছ-



    নিশা ব্ৰাছ নকৰাটোৱেই হৈছে মুখৰ
    দুৰ্গন্ধৰ আটাইতকৈ ডাঙৰ কাৰণ। ব্ৰাছ নকৰাৰ বাবে কিছুমান বেক্টেৰিয়া লেলাৱতীৰ লগত মিহলি
    হৈ পৰে। কিছুমান গেছ লগ হৈ নিৰ্গত হয়, যাৰ ফলত মুখৰ দুৰ্গন্ধ ওলায়। নিশা ব্ৰাছ কৰিলে
    মুখৰ দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰি।



     দাঁত দুৰ্বল হয়-



    ব্ৰাছ নকৰাৰ বাবে দাঁতবোৰ দুৰ্বল
    হৈ পৰে আৰু লাহে লাহে লৰচৰ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত কম বয়সতে দাঁত সৰি পৰাৰ
    বলি আশংকা থাকে।



     এই ৰোগবোৰ হ’ব পাৰে-



    নিশা ব্ৰাছ নকৰাৰ বাবে নিউমোনিয়া,
    ডিমেনচিয়া আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগও হ’ব পাৰে। যদি আপুনি এই গুৰুতৰ সমস্যাবোৰৰ
    পৰা আঁতৰি থাকিব বিচাৰে তেন্তে নিশা ব্ৰাছ কৰাটো প্ৰয়োজনীয়।