• এইকেইটা বদঅভ্যাসে এখন ঘৰলৈ আনে দৰিদ্ৰতা! ইয়াৰ পৰা বাচিবলৈ আচাৰ্য চাণক্যৰ এই নীতিসমূহ মানি চলক

    জীৱন শৈলী
    এইকেইটা বদঅভ্যাসে এখন ঘৰলৈ আনে দৰিদ্ৰতা! ইয়াৰ পৰা বাচিবলৈ আচাৰ্য চাণক্যৰ এই নীতিসমূহ মানি চলক

    ডিজিটেল ডেস্ক : আচাৰ্য চাণক্য আছিল এনে এজন ব্যক্তি যিয়ে এককভাৱে
    তেওঁ ভূত-ভৱিষ্যতৰ কথা ক’ব পাৰিছিল। তেওঁৰ যোগেদি চন্দ্ৰগুপ্ত মৌৰ্যই সিংহাসন লাভ কৰিছিল।
    ভাবিলে আচৰিত লাগে যে সেই প্ৰাচীন কালৰে তেওঁৰ কথাবোৰ আজিও অতি প্ৰাসংগিক হৈ আছে। তেওঁৰ
    দ্বাৰা ৰচিত অৰ্থশাস্ত্ৰ আজিও মানুহৰ বাবে এক আশ্চৰ্য্য।



    color:#222222">নৈতিকতাৰ মহান পণ্ডিত আচাৰ্য চাণক্যই তেওঁৰ চাণক্য নীতিত জীৱনৰ লগত
    জড়িত বহু তথ্য দাঙি ধৰিছে। আজি আমাৰ ঘৰখনৰ দুৰ্দশাৰ কাৰণ কি? ঘৰত আৰ্থিক সমস্যাৰ
    কাৰণ কি কি? তলত উল্লেখ কৰা ৫টা কাৰণৰ কথা তেওঁ চাণক্য নীতিত উল্লেখ কৰিছে।



    color:#222222">১) য’ত বিবাদ হয় তাত মালক্ষ্মী বাস নকৰে। ঘৰৰ সদস্যৰ মাজত কাজিয়া
    হৈ থাকিলে সেই ঘৰৰ পৰা মালক্ষ্মীয়ে ওলাই যায়। ফলত দৰিদ্ৰতা বৃদ্ধি পায়।



    color:#222222">২) যি ঘৰত পূজা কৰা নহয়, তাত অশুভ শক্তি বাস কৰে। ইয়াৰ ফলত পৰিয়ালৰ
    ওপৰত অশুভ প্ৰভাৱ পৰে। গতিকে ঘৰখন নিতৌ পুৱা-গধূলি পূজা কৰা উচিত।



    color:#222222">৩) যি ঘৰৰ চৌহদত তুলসী গছ ৰোপণ কৰা হয়, সেই ঘৰত মালক্ষ্মীৰ আগমনৰ
    লগতে দৰিদ্ৰতা দূৰ হয়। আচাৰ্য চাণক্যৰ মতে এই তুলসী গছ মৰহি যাব দিব নালাগে, নহ’লে
    ইয়াৰ কুপ্ৰভাৱ পৰা দেখা যায়।



    color:#222222"> ৪) ভঙা কাঁচঃ আচাৰ্য চাণক্যৰ মতে ভঙা কাঁচ ঘৰৰ ভিতৰত ৰাখিব নালাগে।
    নহ’লে ইয়াৰ কুপ্ৰভাৱ আপোনাৰ ঘৰখনৰ ওপৰত পেলাব পাৰে।



    ৫) মনত ৰাখিব যে ঘৰৰ বয়োজ্যেষ্ঠক
    অপমান কৰিলে মালক্ষ্মী তাত নাথাকে। গতিকে এই কাৰ্য্যৰ পৰা সদায় বিৰত থাকক।