• এই দিশত মূৰ থৈ শুলে ধন আৰু আয়ুস বৃদ্ধি পায়, জানো আহক বাস্তুৰ বিধান

    জীৱন শৈলী
    এই দিশত মূৰ থৈ শুলে ধন আৰু আয়ুস বৃদ্ধি পায়, জানো আহক বাস্তুৰ বিধান
    ডিজিটেল ডেস্কঃ দৈনন্দিন জীৱনত সঠিকভাবে বাস্তুৰ বিধি মানি চলিলে বহু উপকাৰ পোৱা যায়। দৰাচলতে বাস্তু হৈছে বিজ্ঞানৰ ওপৰতে আধাৰিত এক বিষয়। বাস্তুই শয়নৰ ক্ষেত্ৰতো বহু কথা কৈছে। টোপনিৰ ওপৰতে স্বাস্থ্যৰ কথাটো ভালেখিনি নিৰ্ভৰ কৰে। শোৱনি কোঠাৰ  পৰিবেশ অনুকূল নহ'লে মানুহে ভালদৰে টোপনি মাৰিব নোৱাৰে। 

    সেইবাবে টোপনিৰ বাবে এক সুন্দৰ পৰিবেশ গঢ়ি তোলাটো অতি প্রয়োজনীয় কথা। যদি সুন্দৰভাৱে টোপনি মাৰিব পৰা নাযায় তেন্তে বিভিন্ন ৰোগে অকালতে মানুহক আক্ৰমণ কৰিব পাৰে। বাস্তু শাস্ত্রই সেয়ে টোপনিৰ বিষয়টোত অধিক গুৰুত্ব দিছে। ক'ৰবাত শুলেই টোপনি আহিব যদিও সেই টোপনি মানুহজনৰ বাবে কিমান উপকাৰী সেয়া টোপনি মৰা স্থানৰ ওপৰতো নিৰ্ভৰ কৰে।

     বাস্তুশাস্ত্রই সেয়ে টোপনি মৰাৰ কেতবোৰ বিধি বান্ধি দিছে। বাস্তুশাস্ত্ৰৰ মতে উত্তৰ নাইবা পশ্চিম দিশে মূৰ থৈ কেতিয়াও শুব নালাগে। উত্তৰ অথবা পশ্চিম দিশে মূৰ থৈ শুলে আয়ুস ক্ষয় হয়। সদায় দক্ষিণ অথবা পূব দিশে মূৰ থৈ শুব লাগে। 

    পূব দিশে মূৰ থৈ শোৱাসকলৰ বিদ্যা-বুদ্ধি বৃদ্ধি পায়। দক্ষিণ দিশে মূৰ থৈ শুলে অর্থ আৰু আয়ুস বৃদ্ধি পায়। উত্তৰ দিশে মূৰ থৈ শুলে ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ সৃষ্টি হয়।