• ব্ৰেকফাষ্ট বা সন্ধিয়াৰ চাহৰ সৈতে খাওক মচমচীয়া ছ'য়া কাটলেট! ৰেচিপি শিকো আহক

    জীৱন শৈলী
    ব্ৰেকফাষ্ট বা সন্ধিয়াৰ চাহৰ সৈতে খাওক মচমচীয়া ছ'য়া কাটলেট! ৰেচিপি শিকো আহক
    ডিজিটেল ডেস্কঃ ছ'য়া কাটলেট ব্ৰেকফাষ্ট বা সন্ধিয়াৰ চাহৰ বাবে এটা সোৱাদযুক্ত ৰেচিপি। ছ'য়া কাটলেট খাবলৈ অতি জুতিলগা আৰু সোৱাদযুক্ত। ছ'য়া কাটলেট আপুনিও সহজতে বনাব পাৰিব। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত বা গধূলিৰ স্নেকছত ইচ্ছামতে ইয়াক খাব পাৰে। আহক জানো ইয়াৰ ৰেচিপি।

     প্ৰয়োজনীয় উপাদান

    ১)ছয়াবিন-২ কাপ, তিয়াই থোৱা
    ২)ব্ৰেডৰ গুড়ি-এক কাপ
    ৩)আলু-চাৰিটা সিজোৱা
    ৪)জালুকৰ গুড়ি-১ চামুচ
    ৫)হালধি গুড়ি- ১ চামুচ
    ৬)আদা- হালধিৰ পেষ্ট-১ চামুচ
    ৭)পিঁয়াজ- ১ কাপ, মিহিকৈ কাটি লোৱা
    ৮)সেউজীয়া জলকীয়া-তিনিৰ পৰা চাৰিটা, মিহিকৈ কাটি লোৱা
    ৯)ধনীয়া-২ চামুচ, মিহিকৈ কাটি লোৱা
    ১০)তেল-ভাজিবলৈ
    ১১)নিমখ-সোৱাদ অনুসৰি

    ছ'য়া কাটলেটৰ ৰেচিপি

    ছ'য়া কাটলেট বনাবলৈ প্ৰথমে এটা ডাঙৰ বাটিত তিয়াই থোৱা ছয়াবিনখিনি সৰু সৰু টুকুৰা কৰি লওক, তাৰপিছত সিজোৱা আলু, পিয়াঁজ আৰু ব্ৰেডৰ গুড়িৰে ভালদৰে মিহলাই লওক। এতিয়া জলকীয়া, আদা-হালধিৰ পেষ্ট, ধনীয়া, জালুকৰ গুড়ি আৰু নিমখ দি মিহলাই মিশ্ৰণটো প্ৰস্তুত কৰি ল’ব।
    তাৰ পিছত দুয়োখন হাতত অলপ তেল বা ঘিউ লগাই লওত। তাৰপিছত হাতেৰে এই মিশ্ৰণখিনিৰ পৰা কাটলেটৰ শ্বেপ দি এখন প্লেটত ৰাখক।
     

    এতিয়া পেনত মধ্যমীয়া গেছত তেল গৰম কৰক। তেল গৰম হ’লে তাত কাটলেটখিনি দি দুয়োফালৰ পৰা ৰঙচুৱা বৰণৰ হোৱালৈকে ডিপ ফ্ৰাই কৰি ল’ব। যেতিয়া ই খৰখৰীয়া হৈ পৰিব তাৰপিছত পেনৰ পৰা উঠাই প্লেটত ৰাখক। অতি সহজতে বনাব পৰা আপোনাৰ কাটলেট ৰেডি। এতিয়া গ্ৰীণ চাটনি, নাৰিকল চাটনি বা টমেটো চচৰ সৈতে গৰমে গৰমে পৰিবেশন কৰক আৰু আনন্দৰে খাওক।