• আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক
    ১২/১১/২৪, মঙলবাৰ 


    মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ ববি, মঙল। শুভ সংখ্যা ১,৯। শুভ ৰং ৰঙা। ভ্ৰমণৰ যো-জা। পবিত্র ধর্মীয় স্থান দর্শন হ'ব পাৰে। উপাৰ্জনৰ নতুন পথ ওলাব পাৰে। পাৰিবাৰিক জীৱন গতানুগতিক।

    বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই,উ,ব। শুভ কাৰক গ্রহ শুক্র,চন্দ্র। শুভ সংখ্যা ২,৬। শুভ ৰং গেৰুৱা। বহু দিনৰ পৰা আশা কৰি থকা সুখবৰটো পাব পাৰে। আর্থিকত শুভ। সামাজিক কামত নেতৃত্ব লোৱা ব্যক্তিৰ বাবে অনুকূল।

    মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক,ছ,ঘ। শুভ কাৰক গ্ৰহ ৰবি, বুধ। শুভ সংখ্যা ১,৫। শুভ ৰং বগা। সা-সম্পত্তি লোৱাৰ চিন্তা কৰিব পাৰে। ঘৰুৱা পৰিৱেশ যথেষ্ট উন্নত। ব্যবসায়ত উন্নতি। মান-মর্যাদা অটুট থাকিব।

    কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড,হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২,৩। শুভ ৰং সোণালী। যি কামতেই হাত দিয়ক সফল হ'ব। শাৰীৰিক দিশত আমনি কম।সম্ভৱস্থলত ভ্ৰমণৰ যো-জা। প্রেমত চঞ্চল।

    সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম,ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১,৯। শুভ ৰং নীলা। সন্তানপ্রীতি বাঢ়িব। আর্থিকত উন্নত। কর্মত সহায়-সহযোগ পাব। স্বাস্থ্য মজলীয়া। কোনোৱে ঋতুগত অসুখত ভুগিব পাৰে।

    কন্যা: ৰাশিৰ আদ্যাক্ষৰ প,ঠ। শুভ কাৰক গ্রহ শনি,বুধ। শুভ সংখ্যা ৫,৭। শুভ ৰং সেউজীয়া। ঘৰুৱা পৰিৱেশ শুভাশুভ মিশ্রিত। আর্থিকত ভালেই। পিছে অসৎ সংগৰ পৰা সতৰ্ক থাকক।

    তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ,ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬,৭। শুভ ৰং বেঙুনীয়া। স্বাস্থ্য মজলীয়া। প্রেম- প্রীতিত বেয়া নহয়। আপোনাৰ কথাৰ সুৰে যাতে কাৰোবাৰ মনত আঘাত নিদিয়ে, লক্ষ্য ৰাখক।

    বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন,য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১,৯। শুভ ৰং মাখন। ঘৰুৱা জীৱন শুভাশুভ মিশ্রিত। মেলে-মিটিঙে বক্তৃতা দিয়াত পাৰদৰ্শিতা। কর্মক্ষেত্রত ধৈর্য আৰু সহ্য গুণ প্রকাশ পাব।

    ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২,৩। শুভ ৰং মুগা। বন্ধুপ্রীতি বাঢ়িব। সৎ বন্ধু লাভ। আনৰ হিত সাধি ভাল পাব। অর্থ কষ্টৰ উপশম পাব। নতুন সম্পত্তি লাভ।

    মকৰ: ৰাশিৰ আদ্যাক্ষৰ খ,জ। শুভ কাৰক গ্রহ মঙল,শনি। শুভ সংখ্যা ৭,৯। শুভ ৰং ক'লা। স্বাস্থ্য প্রায় ভালেই। পাৰিবাৰিক জীৱন সুখৰেই। বন্ধু-বান্ধৱ তথা আত্মীয়-স্বজনৰ লগত সম্ভাৱ- সম্প্রীতি বৃদ্ধি পাব।

    কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ,শ,স। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬,৭। শুভ ৰং হালধীয়া। কর্মত উৎসাহ-উদ্দীপনা। চাকৰিজীৱীয়ে ঊর্ধ্বতন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব। যিকোনো সমস্যা বাক্-চাতুর্যৰ বলত সহজে চন্তালি ল'ব পাৰিব। 

    মীন: ৰাশিৰ আদ্যাক্ষৰ দ,চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২,৩। শুভ ৰং মুগা। শাৰীৰিক দিশত আমনি কম। মনত দৃঢ়তা প্রকাশ। সাহসেৰে কামত আগবাঢ়ক, সফল হ'ব। আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব। অৱশ্যে চন্দ্র শুভ ভাবত নাই যদি, মাজে মাজে মনলৈ দুশ্চিন্তা আহিব পাৰে।