• মকৰ হ'ব ৰোগমুক্ত,মিথুনৰ প্ৰেমত চঞ্চলতা! কেনে যাব আপোনাৰ আজিৰ দিনটো?

    জীৱন শৈলী
    মকৰ হ'ব ৰোগমুক্ত,মিথুনৰ প্ৰেমত চঞ্চলতা! কেনে যাব আপোনাৰ আজিৰ দিনটো?
    ৬ মে',২০২২, শুকুৰবাৰ 

    মেষ : ঘৰত আত্মীয়ৰ সংযোগ ঘটিব। খৰচ বৃদ্ধি। জীৱ-জন্তুৰ পৰা সাৱধান। ভ্ৰমণত শুভ। পৰিয়ালত শান্তি। 

    বৃষ: প্ৰেমত সুখী। কোনো মাংগলিক কৰ্মত ভাগ লবলৈ পাব। সামাজিক সচেতনতা বৃদ্ধি। পৰিয়ালত শুভ। স্বাস্থ্যক লৈ চিন্তা।

    মিথুন: মনত শান্তি থাকিব। প্ৰেমত চঞ্চলতা বৃদ্ধি। পৰচৰ্চা নকৰিব। সন্তানক গুৰুত্ব দিয়ক। খৰচ বৃদ্ধি। 

    কৰ্কট : খং এৰাই চলক। ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। কাৰোবাৰ পৰা কষ্ট পাব। প্ৰেমত শান্তি। চিনেমা চোৱা হ'ব পাৰে। 

    সিংহ : সুনাম লাভৰ যোগ। মনৰ বেমেজালি আঁতৰিব। সমাজৰ কামত দৃঢ়তা। খৰচ বাঢ়িব। প্ৰেমত কাজিয়া। 

    কন্যা : আশা পূৰণৰ সংকেত। ভালকৈ এসাঁজ খাবলৈ পাব। পাৰিবাৰিক সংঘাত আঁতৰিব। ভ্ৰমণত মধ্যম। সন্তানৰ শুভ। 

    তুলা :  আধ্যাত্মিক চিন্তাত ব্ৰতী। প্ৰেমত দূৰত্ব বৃদ্ধি। পৰিয়ালত অশান্তি। ৰোগৰ ভয় দূৰ হ'ব। খৰচ নিয়ন্ত্ৰণ।

    বৃশ্চিক : যিকোনো কামত আত্মবিশ্বাস বাঢ়িব। গৃহ নিৰ্মাণৰ চিন্তা। নিশাৰ ভাতৰ নিমন্ত্ৰণ পাব পাৰে। প্ৰেমত বাধা। 

    ধনু : কৰ্মত মন বহিব।কাকো মিছা নক’ব। ব্যৱসায়ত শুভ। পৰিয়ালত শান্তি ঘূৰি আহিব। 

    মকৰ : সামাজিক মান বাঢ়িব। প্ৰেমত আনন্দ। শিক্ষাৰ্থীৰ শুভ। ৰোগমুক্ত হ'ব। কোনো লোকৰ প্ৰশংসা পাব। 

    কুম্ভ : সামাজিক কাম কৰিবলৈ মন মেলিব। ব্যৱসায় ঠিকে-ঠাকে থাকিব। প্ৰেমত সংঘাত। স্বাস্থ্যক লৈ চিন্তা। 

    মীন : সন্মান লাভৰ যোগ। কোনো কামত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। দাঁতৰ বিষে কষ্ট দিব পাৰে। চোৰৰ পৰা সাৱধান। ভ্ৰমণৰ যোগ।