• অত্যধিক গৰমত টেংকীৰ পানী জুই যেন হৈ পৰে? ঠাণ্ডা পানী পাবলৈ অৱলম্বন কৰিব পাৰে এই সহজ কিটিপ

    জীৱন শৈলী
    অত্যধিক গৰমত টেংকীৰ পানী জুই যেন হৈ পৰে? ঠাণ্ডা পানী পাবলৈ অৱলম্বন কৰিব পাৰে এই সহজ কিটিপ
    ডিজিটেল ডেস্কঃ গৰমৰ দিনত টেংকীৰ পানী ৰ’দত অতি গৰম হৈ পৰে। উতলা পানী হৈ পৰা সেই পানীৰে   আনকি গা ধোৱাও টান হৈ পৰে।  
     টেংকীৰ পানী জুইৰ দৰেহৈ পৰে। এনে গৰম পানীৰে গা ধুলে শৰীৰ প্ৰায় জ্বলি যোৱা যেন লাগে।  গৰমৰ দিনত এই সমস্যা বহুতৰে হয়। কিন্তু কি উপায়েৰে আপুনি টেংকীৰ পানী শীতল কৰি ৰাখিব পাৰিব?  কেইটামান সহজ পদ্ধতিৰে  আপুনি সহজে টেংকীৰ পানী ঠাণ্ডা কৰি ৰাখিব পাৰে। ইয়াত সেই সম্পৰ্কীয় কেইটামান কিটিপ উল্লেখ কৰা হ’ল- 

     ৰ'দৰ পৰা  টেংকীৰ  পানী ঠাণ্ডা কৰি ৰাখিবলৈ আপুনি মৰাপাটৰ বস্তা ব্যৱহাৰ কৰিব পাৰে। ৪ ৰ পৰা ৫ খন মৰাপাটৰ বস্তা সংগ্ৰহ কৰক আৰু সেইবোৰ তিয়াই টেংকীটো  বাহিৰৰ পৰা  ভালদৰে ঢাকি দিয়ক। আপুনি দেখিব যে পানী ঠাণ্ডা  হৈ ৰৈছে।

      গ্ৰীষ্মকালত টেংকীৰ পানী গৰম হোৱাৰ এটা কাৰণ হ'ল যি পাইপৰ মাজেৰে পানী আহে সেয়া  সূৰ্যৰ উত্তাপত  গৰম হৈ যায়। যদি পাইপ  তিতা কাপোৰেৰে ঢাকি ৰাখিব  পাৰি, ই পোনপটীয়াকৈ তাপ নাপাব আৰু তেনে ক্ষেত্ৰত পানীও ঠাণ্ডা  হৈ থাকিব।

    বিশেষজ্ঞসকলে গ্ৰীষ্মকালত বগা কাপোৰ পিন্ধিবলৈ কয়। সেই সূত্ৰ অনুসৰি  টেংকীত বগা ৰং কৰক। আপুনি দেখিব যে পানী ঠাণ্ডা হৈ ৰৈছে।
    টেংকীত চূণ বা মাটিৰ আৱৰণ প্ৰয়োগ কৰিও পানী ঠাণ্ডা কৰি ৰাখিব পাৰি।