• চাহ খোৱাৰ পাছত চাহপাতবোৰ আপুনি পেলাই দিয়ে নেকি?আজিৰে পৰা নকৰিব এই ভুল, জানি লওক ইয়াৰ ৪টা পুনৰ ব্যৱহাৰ

    জীৱন শৈলী
    চাহ খোৱাৰ পাছত চাহপাতবোৰ আপুনি পেলাই দিয়ে নেকি?আজিৰে পৰা নকৰিব এই ভুল, জানি লওক ইয়াৰ ৪টা পুনৰ ব্যৱহাৰ

    ডিজিটেল ডেস্ক : প্ৰতিদিনে পুৱা
    চাহ খোৱাটো প্ৰতিজন ভাৰতীয় লোকৰে চখ। চাহত থকা কেফেইনে টোপনি ভাব দূৰ কৰে। চাহ খোৱাৰ
    পাছত সাধাৰণতে সকলোৱে ব্যৱহৃত চাহপাতখিনি পেলাই দিয়ে। কিন্তু সেই ব্যৱহৃত চাহপাত আপোনাৰ
    বাবে কিমান উপযোগী হ’ব পাৰে জানেনে? আজি আমি এনে চাহপাতৰ ৪টা পুনৰ ব্যৱহাৰৰ বিষয়ে
    জানিম আহক। 
    ব্যৱহৃত চাহপাত ব্যৱহাৰ কৰিবলৈ
    প্ৰথমে পৰিষ্কাৰ পানীৰে ধুব লাগে। এনে কৰিলে তাৰ পৰা চেনিৰ মিঠাখিনি ওলাই যায়। ইয়াৰ
    পাছত সেই চাহপাত বিভিন্ন প্ৰয়োজন অনুযায়ী ব্যৱহাৰ কৰিব পাৰি।



     ব্যৱহৃত চাহপাতৰ উপকাৰ-



     ১. বাচন-বৰ্তন পৰিষ্কাৰ কৰাঃ-বাচন-বৰ্তনত
    দালি, শাক-পাচলি বা আন খাদ্য ৰান্ধোতে সেই বাচন-বৰ্তনবোৰত যথেষ্ট পৰিমাণৰ গ্রীজ থাকে,
    যিটো পানীৰে ধোৱাৰ পাছতো সহজে ওলাই নাহে। এনে পৰিস্থিতিত প্ৰথমে ব্যৱহৃত চাহপাতখিনি
    ভালদৰে উতলাই লওক। ইয়াৰ পাছত সেই সিজোৱা পানীৰে বাচন-বৰ্তন পৰিষ্কাৰ কৰিলে দেখিব সুন্দৰভাৱে
    চাফা হৈছে।



    ২. মহৰ পৰা মুক্তি পাবঃ-যদি আপোনাৰ
    ঘৰত মহ আৰু মাখিয়ে উপদ্ৰৱ কৰিছে, তেন্তে ব্যৱহৃত চাহপাতেৰে ইয়াৰ পৰা পৰিত্ৰাণ পাব
    পাৰি। ইয়াৰ বাবে প্ৰথমে বাকী থকা চাহপাতখিনি অলপ পানীত উতলাই লওক। ইয়াৰ পাছত পানীখিনি
    ঠাণ্ডা কৰি গোটেই ঘৰখনতে মচি দিব। দেখিব আপোনাৰ ঘৰৰ পৰা লাহে লাহে মহ আৰু মাখি দুয়োটা
    নোহোৱা হৈ যাব ধৰিছে।



    ৩. ঘাঁ নিৰাময়ত সহায় কৰেঃ-যদি
    কাৰোবাৰ ঘা হয় আৰু সোনকালে ভাল নহয়, তেন্তে ব্যৱহৃত চাহপাত ব্যৱহাৰ কৰিব পাৰে। ইয়াত
    থকা এন্টি-অক্সিডেন্ট গুণে ঘাঁ নিৰাময়ত সহায় কৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ প্ৰথমে চাহপাতখিনি
    পৰিষ্কাৰ পানীৰে ভালদৰে ধুই লাগে। ইয়াৰ পাছত পানীত উতলাৰ পাছত ঠাণ্ডা কৰি লওক। তাৰ
    পাছত সেই চাহপাত ঘাঁত লগালে লাহে লাহে ভাল হ’বলৈ আৰম্ভ কৰে।



    ৪. চুলি কণ্ডিচনাৰৰ কাম কৰেঃ-যদি
    আপুনি চুলিৰ যত্নৰ বাবে প্ৰাকৃতিক কণ্ডিচনাৰ বিচাৰিছে, তেন্তে ব্যৱহৃত চাহপাততকৈ ভাল
    একোৱেই হ’ব নোৱাৰে। ইয়াক ভালকৈ ব্যৱহাৰ কৰিবলৈ প্ৰথমে ব্যৱহৃত চাহপাত পৰিষ্কাৰ পানীত
    উতলাই লওক। ইয়াৰ পিছত পানী ফিল্টাৰ কৰি চাহপাত পৃথক কৰি সেই পানীৰে চুলিৰ ধুলে কণ্ডিচনাৰৰ
    কাম কৰে।