• এনেবোৰ সৰু সৰু পদক্ষেপেৰে দূৰ কৰিব পাৰে বাস্তু দোষ

    জীৱন শৈলী
    এনেবোৰ সৰু সৰু পদক্ষেপেৰে দূৰ কৰিব পাৰে বাস্তু দোষ
    ডিজিটেল ডেস্কঃ কেতিয়া অজানিতে ঘৰত বাস্তু দোষ ৰৈ যাব পাৰে। কিন্তু সেই দোষবোৰৰ সংশোধনো নথকা নহয়।  যদি ঘৰৰ কোনো বীমৰ তলত বিছনা স্থাপন কৰা হয় বা খোৱা মেজ স্থাপন কৰা হয় তেন্তে এয়া মুঠেও শুভ ফলদায়ক নহয়। বীমৰ তলত বিছনা স্থাপন কৰিলে তাত নিশা শোৱা লোকৰ ভালদৰে টোপনি নহয় আৰু তেওঁ নানান ধৰণৰ চিন্তাৰে ভাৰাক্ৰান্ত হৈ পৰে। 

    একেদৰে বীমৰ তলত যদি খোৱা মেজ স্থাপন কৰা হয় তেন্তে খোৱা-বোৱাৰ প্ৰতি মানুহৰ ৰুচি কমি যায় আৰু মানুহ অসুস্থ হৈ পৰাৰ আশংকা থাকে। কেবল ঘৰতেই নহয় কার্যালয় আদিতো যদি বীমৰ তলত কৰ্মচাৰী বহা চকী, মেজ আদি স্থাপন কৰা হয় তেন্তে তাত বহা কৰ্মচাৰীসকল নানান ধৰণৰ সমস্যাৰ সন্মুখীন হয়। 

    তাত আসন গ্ৰহণ কৰা কৰ্মচাৰীসকলে সদায় নানান ধৰণৰ দুঃশ্চিন্তাত ভুগিবলগীয়া হয়। সেয়ে ঘৰৰ অথবা কাৰ্যালয়ৰ বীমৰ তলত কেতিয়াও বিছনা, চকী-মেজ, খোৱা মেজ আদি স্থাপন কৰিব নালাগে। যদি বীমৰ তলৰ পৰা সেইবোৰ আঁতৰাই পেলোৱাৰ কোনো উপায় নাথাকে তেন্তে তলৰ উপায়সমূহ অৱলম্বন কৰি বাস্তুদোষ দূৰ কৰিব পৰা যাব ।

    বীমৰ দুয়োপিনে একোটাকৈ বাঁহী লগাই থলে বাস্তুদোষ দূৰ হ'ব। বীমৰ পৰা সৃষ্টি হোৱা বাস্তুদোষ দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে বীমত বাঁহৰ বাঁহী লগাই থোৱা ৷

    বীম টাইলাছৰ জৰিয়তে ঢাকি দিলেও বাস্তুদোষ দূৰ কৰিব পৰা যায়। বীমৰ পৰা উদ্ভৱ হোৱা বাস্তুদোষ দূৰ কৰিবলৈ বীমত সেউজীয়া ৰঙৰ গণেশৰ ছৰি বা মূৰ্তি আঁৰি থ'ব লাগে।