• এই দিশত টকা ৰাখিলে হ’ব সমৃদ্ধি! বাস্তুশাস্ত্ৰ অনুযায়ী সৱিশেষ জানি লওক

    জীৱন শৈলী
    এই দিশত টকা ৰাখিলে হ’ব সমৃদ্ধি! বাস্তুশাস্ত্ৰ অনুযায়ী সৱিশেষ জানি লওক
    ডিজিটেল ডেস্কঃ এখন ঘৰ সুন্দৰভাৱে চলিবলৈ হ’লে বাস্তুশাস্ত্ৰৰ গুৰুত্ব অপৰিসীম। ঘৰখনৰ আৰ্থিক উন্নতি, ৰোগ-ব্যাধি দূৰ কৰাৰ বাবে, শান্তি বৰ্তাই ৰাখিবলৈ বাস্তুশাস্ত্ৰই বহু প্ৰভাৱ পেলায় বুলি বিশ্বাস আছে। কিন্তু বাস্তুশাস্ত্ৰৰ যিখিনি বিষয়বস্তু সেইখিনি বহুতে বিশ্বাস কৰে আৰু বহুতে বিশ্বাস নকৰে। আপুনি যদি বাস্তুশাস্ত্ৰক বিশ্বাস কৰে তেন্তে আপুনি পঢ়িব পাৰে এই প্ৰতিবেদন।

    বাস্তুশাস্ত্ৰ অনুযায়ী মানুহে কোন দিশত টকা ৰখা উচিত আৰু কোন দিশত অনুচিত জানো আহক

    কোন দিশত টকা ৰাখিলে বৃদ্ধি হয় সেই কথা জনা উচিত। বাস্তুশাস্ত্ৰবিদৰ মতে মানুহে ধন ৰখাৰ বাবে উত্তৰ দিশটো বাছি ল’ব লাগে। উত্তৰ দিশটো ধন ৰখাৰ বাবে অতি উত্তম। এই ঠাইত টকা ৰাখিলে ব্যক্তিৰ আৰ্থিক অৱস্থা উন্নত হয়। আপুনি আপোনাৰ ঘৰৰ যিকোনো কোঠাৰ উত্তৰ দিশত টকা থোৱাৰ বাবে ঠাই বনাব পাৰে, কিন্তু মনত ৰাখিব যে আপুনি টকা ৰখা কোঠাটো সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা নিৰাপদ হ’ব লাগিব।

    বহু সময়ত এনেকুৱা হয় যে আপুনি যিমানেই টকা উপাৰ্জন নকৰক কিয় আপোনাৰ কেতিয়াও কোনো সমৃদ্ধি নাথাকে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ টকাৰ থোৱাৰ দিশত চকু ৰখাটো অতি প্ৰয়োজনীয়। ধন থোৱা পেৰা দক্ষিণ দিশত এনেকৈ ৰাখক যাতে ইয়াৰ মুখখন উত্তৰ দিশত খোল খায় নতুবা পশ্চিম দিশত ৰাখক যাতে দুৱাৰ পূব দিশত খোল খায়।

    বাস্তু শাস্ত্ৰৰ মতে উত্তৰ দিশত ভগৱান কুবেৰৰ আধিপত্য আৰু পূব দিশত ইন্দ্ৰ দেৱৰ আধিপত্য বিবেচিত হৈছে। এই দুয়োফালে ধন থোৱা পেৰাৰ মুখখন খুলিলে টকা বাঢ়িব আৰু পৰিয়ালত সুখৰ পৰিবেশ গঢ়ি উঠিব। কিন্তু মনত ৰাখিব যে পেৰা কেতিয়াও দক্ষিণমুখী হ’ব নালাগে। কাৰণ এই দিশটো যমৰ দিশ আৰু এই দিশত মুখখন খুলি দিয়াৰ অৰ্থ হ’ল বিপদৰ আমন্ত্ৰণ কৰা।

    দক্ষিণ-পূৱ দিশত টকা থোৱা উচিত নহয়। এই দিশটো টকা থোৱাৰ বাবে অশুভ। ধাৰ বাঢ়ে আৰু কেতিয়াও জীৱনৰ সমৃদ্ধি নহয়।