• কুহুমীয়া গৰম পানীয়ে হ্ৰাস কৰে ওজন! খোৱাৰ নিয়ম জানো আহক

    জীৱন শৈলী
    কুহুমীয়া গৰম পানীয়ে হ্ৰাস কৰে ওজন! খোৱাৰ নিয়ম জানো আহক
    ডিজিটেল ডেস্কঃ আজিকালি দেহৰ ওজন বৃদ্ধিয়ে এক গুৰুতৰ সমস্যা হিচাবে দেখা দিছে৷ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত কুহুমীয়া গৰম পানীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে৷ পুৱাই খালী পেটত গৰম পানী খোৱাৰ অভ্যাস  বহুতৰে আছে৷ বহুতে  সাৰ পোৱাৰ লগে লগে এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে।

    শোৱাৰ সময়ত ৰাতি ৭-৮  ঘণ্টা পানী নোখোৱাৰ পিছত, এই অভ্যাসে কেৱল তৃষ্ণা পূৰণ কৰাত সহায় নকৰে। ই ওজন হ্ৰাস কৰা, হজম কৰাত সহায় কৰা, আৰু আনকি বৃক্কৰ কাৰ্যসুৰক্ষিত কৰাত সহায় কৰে।
    বিশেষজ্ঞসকলৰ মতে পুৱা খালী পেটত গৰম পানী খোৱাৰ সঠিক নিয়মো আছে। দুকাপ পানী উতলাওক, ইয়াক একাপ বনাওক, তাৰ পিছতসামান্য গৰম থাকিলে পান কৰিব লাগে। যদি সম্ভৱ হয়, শুকান আদা সেই পানীত মিহলি কৰিব পাৰি। এই নিয়ম মানি গৰম পানী খালে   ওজন হ্ৰাস হোৱাত সহায়ক হয়।
     পুৱা গৰম পানী খালে  কোষ্ঠকাঠিন্যৰ দৰে সমস্যা বোৰ আঁতৰ কৰে। কিয়নো, গৰম গৰম পানীয়ে বৃহদান্ত্ৰৰ পেশীবোৰ শিথিল কৰে।

    অৱশ্যে, এই ক্ষেত্ৰত কিছু সংখ্যক  পুষ্টিবিদ আৰু আয়ুৰ্বেদ বিশেষজ্ঞৰ মত  পৃথক। তেওঁলোকে বিশ্বাস কৰে যে শৰীৰৰ এই কাৰ্যবোৰৰ সৈতে পানীৰ উষ্ণতাৰ কোনো সম্পৰ্ক নাই। সাৰ পাই পানী খোৱা ভাল। পানী যিকোনো উষ্ণতাৰ হ'ব পাৰে।

    কাৰণ, যেতিয়া পানী মুখ আৰু খাদ্যনলীৰ জৰিয়তে পাকস্থলীত উপস্থিত হয়, পানীৰ তাপমাত্ৰা শৰীৰৰ উষ্ণতাৰ সৈতে মিলি যায়। গৰম পানীৰ প্ৰভাৱ কিছু পৰিমাণে শ্বাসতন্ত্ৰৰ ওপৰত পৰে। কিন্তু শাৰীৰিক কামত ইয়াৰ বিশেষ প্ৰভাৱ পৰিব নোৱাৰে। গতিকে গৰম হওঁক বা ঠাণ্ডা হওঁক পুৱা সুৰক্ষিতভাৱে পানী খোৱা ভাল৷ পানী খোৱাৰ পূৰ্বে সেই পানী কিমান পৰিষ্কাৰ সেই বিষয়তো গুৰুত্ব দিব লাগে৷