• কেৱল ভাৰতীয় সংস্কৃতিতে নহয়, বহি আহাৰ খোৱাটো স্বাস্থ্যৰ বাবেও অত্যন্ত প্ৰয়োজনীয়, জানক সবিশেষ

    জীৱন শৈলী
    কেৱল ভাৰতীয় সংস্কৃতিতে নহয়, বহি আহাৰ খোৱাটো স্বাস্থ্যৰ বাবেও অত্যন্ত প্ৰয়োজনীয়, জানক সবিশেষ
    ডিজিটেল ডেস্ক: মাটিত বহি খাদ্য খোৱাৰ মজা সচাকৈয়ে অতুলনীয়। কিন্তু ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি সচেতন হয়নে? ভাৰতীয় সংস্কৃতিত  সকলো একগোট হৈ মজিয়াত বহি   খোৱাৰ পৰম্পৰাৰ কথা সকলোৱে জানে , কিন্তু যোৱা কেইটামান দশকত ডাইনিং টেবুলৰ ধাৰা বহুত বৃদ্ধি পাইছে, য’ত বহাৰ পদ্ধতি বেলেগ, বিয়া আৰু পাৰ্টিতো থিয় হৈয়ে মানুহে খাবলৈ আৰম্ভ কৰে, এনে অৱস্থাত কোনটো খোৱাৰ ধৰণ সঠিক সেয়া বুজি পোৱাটো জৰুৰী।

    মাটিত বহি খোৱা কিয় উপকাৰী ? 

    আমি যদি ভালদৰে বহি নাখাওঁ, তেতিয়া খাদ্যৰ হজমত ব্যাঘাত জন্মিব পাৰে আৰু আপুনি বহুতো ৰোগৰ বলি হ’ব পাৰে, এনে অৱস্থাত বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই ভৰি দুখন ক্ৰছ কৰি মাটিত বহি তাৰ পাছত খোৱাৰ পৰামৰ্শ দিয়ে। এই কাম কৰিলে কি কি উপকাৰীতা আছে জানো আহক।

    ১/ খাদ্যৰ ওপৰত গুৰুত্ব বৃদ্ধি পাব

    খাদ্য চোবাই খোৱাটো গুৰুত্বপূৰ্ণ, লগতে যদি আপুনি মজিয়াত বহি খায়, তেন্তে আপোনাৰ সমগ্ৰ মনোযোগ খাদ্যৰ ওপৰত থাকিব আৰু লগতে যদি আপুনি খাদ্যখিনি এই অৱস্থাত সঠিকভাৱে চোবাই খোৱটো সহায়ক হ'ব।  আৰু এনে কৰিলে কোষ্ঠকাঠিন্যৰো কোনো অভিযোগ নাথাকিব ।

    ২/ অতিমাত্ৰা খাদ্য খোৱাত বাধা

    যিহেতু মাটিত বহি খাদ্য গ্ৰহণ কৰিলে খাদ্যৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, তেতিয়া আপুনি অত্যধিক খাদ্য খোৱাৰ পৰা ৰক্ষা পৰিব। মনত ৰাখিব যে অতিমাত্ৰা খাদ্য খোৱাৰ বাবে পেট ফুলা আৰু গধুৰ হোৱাৰ অভিযোগ থাকে। যেতিয়া আপুনি প্ৰয়োজনতকৈ বেছি খাদ্য নাখাব, তেতিয়া ওজন বৃদ্ধিৰ কোনো সমস্যা নহ’ব। আপুনি মেদবহুলতাৰ পৰা হাত সাৰিব, তেন্তে হৃদৰোগ, উচ্চ বি পি হোৱাৰ সম্ভাৱনাও কমি যাব।

    ৩/ হাড়ৰ বিষ নাথাকিব

    মাটিত ভৰি দুখন ক্ৰছ কৰি খালে আপোনাৰ মেৰুদণ্ড আৰু ডিঙি দুয়োটাই সৰ্বোত্তম ষ্ট্ৰেচ পায়, যিয়ে শৰীৰ আৰু মনক জিৰণি দিয়ে, যাৰ বাবে আপোনাৰ কঁকালৰ বিষ বা হাড়ৰ বিষ নহ’ব।