• "চৰ্তবিহীনভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিছো" : সুস্মিতা দেৱ

    ৰাষ্ট্ৰীয়
    "চৰ্তবিহীনভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিছো" : সুস্মিতা দেৱ

    নতুন দিল্লী : নতুন দিল্লীৰ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা আজি সদ্য কংগ্ৰেছ ত্যাগী সুস্মিতা দেৱে সংবাদমেল সম্বোধন কৰে৷ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰিলে সুস্মিতা দেৱে৷

    মমতা বেনাৰ্জীৰ ভিজন আৰু কৰ্মই অনুপ্ৰাণিত কৰিছে সুস্মিতা দেৱক৷ সংবাদমেলত দেৱে ভৱিষ্যতেও ছোনিয়া গান্ধীৰ আশীৰ্বাদ পাম বুলি আশাবাদী বুলি উল্লেখ কৰে৷ মমতা বেনাৰ্জীৰ সৈতে কেৱল ৰাজনৈতিক সম্পৰ্ক নাই, মমতা বেনাৰ্জীৰ দীৰ্ঘ পাৰিবাৰিক সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি চৰ্তবিহীনভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিছো বুলি কয়৷

    তেঁও লগতে কয়, "কংগ্ৰেছে মোক বহুত সুযোগ দিছে৷ যাৰ বাবে কংগ্ৰেছৰ ওচৰত, ছোনিয়া গান্ধীৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম৷" লগতে কয়, "মমতা বেনাৰ্জীৰ আদৰ্শই মোক অনুপ্ৰাণিত কৰিলে তেখেতে মোক যি দায়িত্ব ই অৰ্পণ কৰিব মই আন্তৰিকতাৰে পালন কৰিম৷"