National
ডিজিটেল ডেস্ক : প্ৰেমে নামানে কোনো পৰিধি, সকলো সম্পৰ্কৰ ঊৰ্ধ্বত প্ৰেমৰ সম্পৰ্ক। ক'ত, কেতিয়া, কেনেকৈ প্ৰেমত পৰি যায় আপুনি গমকেই নাপাব! প্ৰেম গৈ এইবাৰ সোমাল অনলাইন লুডুত! অনলাইন গেমৰ অচিলা লৈ প্ৰেমৰ গেম খেলি দিলে দেওৰেকে! ঘটনা ৰাজস্থানৰ যোধপুৰৰ। প্ৰাপ্ত তথ্য অনুসৰি নীতু নামৰ এগৰাকী বিবাহিতা মহিলাই মোবাইলত দেওৰেক প্ৰৱীণৰ সৈতে অনলাইন লুডু খেলা আৰম্ভ কৰিছিল।
পিছলৈ খেলৰ মাধ্যমেৰেই তেওঁলোকৰ একাত্মতা বাঢ়ি যায় আৰু পৰস্পৰৰ প্ৰতি মোহাচ্ছন্ন হৈ পৰে। লাহে লাহে সম্পৰ্ক গাঢ় হোৱাত দুয়ো ঘৰৰ পৰা পলাই গৈ একেলগে ভাড়াঘৰত থাকিবলৈ লয়। প্ৰেমত মগন বৌৱেক-দেওৰেকে সিদ্ধান্ত লয় বিয়া পতাৰ। পিছে এইবাৰ কেনা লাগিল বৌৱেকৰ! বিয়াৰ দিন ওচৰ চাপি অহাত হঠাৎ অন্তৰ্ধান হ'ল প্ৰৱীণ। লগে লগে আৰক্ষীৰ ওচৰ চাপে নীতু। প্ৰৱীণৰ পৰিয়ালে তেওঁক অন্তৰ্ধান হ'বলৈ বাধ্য কৰোঁৱা বুলিও অভিযোগ উত্থাপন কৰে নীতুৱে। আৰক্ষীয়ে জনোৱামতে স্বামীৰ সৈতেও সম্পৰ্ক ঠিক নহয় নীতুৰ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Leave A Comment