• অনুপ্ৰেৰণা ছাদ্দাম হুছেইন : দিল্লীৰ বাসিন্দাৰ ভয়ংকৰ কাণ্ড

    ৰাষ্ট্ৰীয়
    অনুপ্ৰেৰণা ছাদ্দাম হুছেইন :  দিল্লীৰ বাসিন্দাৰ ভয়ংকৰ কাণ্ড

    নতুন দিল্লী : পত্নী আৰু তেওঁৰ পৰিয়ালক হত্যা কৰাৰ বাবে এজন লোকে ‘শ্লো পইজন’ ব্যৱহাৰ কৰাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ঘটনা সংঘটিত হৈছে দিল্লীত। অভিযুক্ত লোকজনে পত্নী, তেওঁৰ মাতৃ আৰু খুলশালীয়েকক হত্যা কৰিবলৈ থেলিয়াম নামৰ বিহ ব্যৱহাৰ কৰিছিল।





    আৰু পঢ়িব পাৰিব : চিকিৎসালয়ত শৌচালয়ত বিহাৰৰ লোকৰ মৃতদেহ উদ্ধাৰ





    মাছৰ আঞ্জাত থেলিয়াম মিহলাই খুওৱাৰ ফলত তেওঁৰ শাহুৱেক আৰু খুলশালীয়েকৰ মৃত্যু হয় আৰু লোকজনৰ পত্নী গুৰুতৰভাৱে অসুস্থ হৈ পৰে। আৰক্ষীয়ে অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৩৭ বছৰীয়া বৰুণ অৰোৰা নামৰ লোকজনে ছাদ্দাম হুছেইনৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই পদক্ষেপ গ্ৰহণ কৰিছিল। ছাদ্দাম হুছেইনে তেওঁ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক হত্যা কৰিবলৈ থেলিয়াম নামৰ শ্লো পইজন ব্যৱহাৰ কৰিছিল বুলি জনা যায়।





    আৰু পঢ়িব পাৰিব : অসহিষ্ণুতা! ‘পাকিস্তান মুৰ্দাবাদ’ ধ্বনি দিবলৈ যুৱকক নিৰ্যাতন





    মঙলবাৰে আৰক্ষীয়ে বৰুণ অৰোৰাৰ শাহুৱেকৰ মৃত্যুৰ ৰহস্যৰ অনুসন্ধান কৰাৰ পাছত তেওঁক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে। বৰুণে শাহুৱেক আৰু পত্নী আৰু খুলশালীয়েকক খাবলৈ দিয়া খাদ্যত বিহ থকা বুলি আৰক্ষী নিশ্চিত হৈছিল। তেওঁলোকে অভিযুক্ত লোকজনক কৰা অপমানৰ পোতক তুলিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জেৰাত প্ৰকাশ কৰিছে।