• অন্ধ্ৰপ্ৰদেশত তীৰ্থভ্ৰমণকাৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত: শিশুসহ ১৪ জনৰ মৃত্য়ু

    ৰাষ্ট্ৰীয়
    অন্ধ্ৰপ্ৰদেশত তীৰ্থভ্ৰমণকাৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত: শিশুসহ ১৪ জনৰ মৃত্য়ু

    কুৰ্নোল: অন্ধ্ৰপ্ৰদেশত এক শোকাৱহ পথ দুৰ্ঘটনাত ১৪ জন লোক নিহত হৈছে৷ কুৰ্নোল নামৰ অঞ্চলটোত তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া এখন বাছ আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়৷ ঘটনাটোত এটি শিশুও মৃত্য়ুমুখত পৰে৷





    আৰু পঢ়িব পাৰিব : হাত-ভৰি বন্ধা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ গাঁও পঞ্চায়তৰ সভাপতি !





    আন চাৰিটি শিশুক আঘাতপ্ৰাপ্ত অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও তাৰে দুটি শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনাটো ৰাজ্যখনৰ কুৰ্নোল জিলাৰ এখন গাঁৱৰ ওচৰত সংঘটিত হৈছিল।





    আৰু পঢ়িব পাৰিব : সোণোৱাল চৰকাৰৰ প্ৰথম কাৰ্যকালৰ অন্তিম অধিৱেশনত বিজেপিৰ জয়গান





    ১৮ জন লোকক কঢ়িয়াই নিয়া মিনি বাছখনে এটা ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনত খুন্দা মাৰিছিল৷ তীৰ্থভ্ৰমণকাৰী দলটো চিত্তোৰ জিলাৰ মদনপালেৰ পৰা ৰাজস্থানৰ আজমেৰলৈ গৈ আছিল।