• অপৰাধ এটকা চুৰি : পিতৃৰ শাস্তিয়ে কাঢ়িলে পুত্ৰৰ দহো আঙুলি

    ৰাষ্ট্ৰীয়
    অপৰাধ এটকা চুৰি :  পিতৃৰ শাস্তিয়ে কাঢ়িলে পুত্ৰৰ দহো আঙুলি

    ৰাঁচী : পিতৃস্নেহত আকুল প্ৰতিজন! কিন্তু ঝাৰখণ্ডৰ সিংহভূমিত এগৰাকী পিতৃৰ জ্ঞানশূন্য কৰ্মকাণ্ডৰ ফল ভোগ কৰিবলগা হৈছে এজন ১২বছৰীয়া কিশোৰে। কিশোৰজন ৰোষত পৰাৰ কাৰণ হ’ল পিতৃৰ পকেটৰপৰা এটকা চুৰি কৰিছিল। এটকা চুৰি কৰাৰ সাধাৰণ দোষতে পিতৃগৰাকীয়ে অসাধাৰণ শাস্তি প্ৰদান কৰিছে কিশোৰজনক। পুত্ৰৰ এনে কাৰ্যৰ বিষয়ে অৱগত গৈ খঙত দিগবিদিগ হেৰুৱাই পেলালে পিতৃয়ে।





    ক্ৰোধান্ধ পিতৃয়ে উতলা গৰমপানীত পুত্ৰৰ দুয়োখন হাত জুবুৰিয়াই দিয়ে। ইয়াৰ ফলত কিশোৰটিৰ হাতৰ অৱস্থা এনে পৰ্যায়লৈ গতি কৰে যে, দহোটা আঙুলি চিকিৎসকে কাটি পেলাবলগীয়া হয়। খবৰ অনুসৰি, চুৰি কৰাৰ বাবে প্রথমে পিতৃয়ে মাৰ-ধৰ কৰিছিল। তাৰ পাছত দুয়োখন হাত গৰম পানীত জুবুৰিয়াই দিয়ে। ঘটনা সংঘটিত কৰি অভিযুক্ত পিতৃয়ে নিজৰ বাসগৃহৰ পৰা পলায়ন কৰে।





    ইফালে, আৰ্থিক অনাতনৰ বাবে কিশোৰটিৰ চিকিৎসা মাতৃয়ে কৰিব পৰা নাই। ফলত ৰাইজৰ পৰা লাভ কৰা সাহায্যৰ সহায়ত প্ৰাথমিক চিকিৎসা কৰিছে মাতৃগৰাকীয়ে। প্রথমে কিশোৰটিৰ মাতৃৰ নামত এখনি আয়ুষ্মান কার্ড তৈয়াৰ কৰা হয়। সেই কাৰ্ডৰ সহায়ত চিকিৎসা কৰা হয় কিশোৰজনৰ। চিকিৎসাকালত কিশোৰটিৰ হাতত সংক্রমণ বঢ়াৰ ফলত চিকিৎসকে হাতৰ ১০টি আঙুলি কাটি পেলোৱাৰ সিদ্ধান্ত লয়।
    পিতৃৰ এনে নিষ্ঠুৰ কৰ্ম-কাণ্ডক লৈ স্থানীয় লোকৰ চকু কপালত উঠিছে। কিদৰে নিজ পুত্ৰক পিতৃয়ে এনেদৰে শাস্তি প্ৰদান কৰিব পাৰে তাক লৈ বহুজনে প্ৰশ্ন উত্থাপন কৰিছে!