Politics
ডিজিটেল ডেস্কঃ দক্ষিণ কলকাতা নিবাসী অভিনেত্ৰী তথা ৰাজনীতিবিদ মুনমুন সেনৰ গৃহত প্ৰৱেশ কৰিলে এদল অচিনাক্ত দুৰ্বৃত্তই । এগৰাকী আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি, প্ৰায় ১৫ জনীয়া দুৰ্বৃত্তৰ দলটোৱে শনিবাৰে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীৰ ফ্লেটত প্ৰৱেশ কৰিছিল।
দলটোৱে তেওঁৰ তিনিগৰাকীকৈ ঘৰুৱা সহায়কক আক্ৰমণ কৰি পলায়ন কৰে। অৱশ্যে ঘটনা সম্পৰ্কে সেনে আৰক্ষীক ততাতৈয়াকৈ অৱগত কৰাত আৰক্ষীয়ে কম সময়ৰ ভিতৰতে দলটোৰ চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বাকীকেইজন লোক এতিয়ালৈকে পলাতক অৱস্থাত আছে।
এতিয়ালৈকে দুবৃত্তৰ দলটোৱে কি উদ্দেশ্যৰে সেনৰ ফ্লেটত প্ৰৱেশ কৰিছিল সেয়া জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়েও ঘটনাটোৰ অইনসকল অপৰাধীক বিচাৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।লগতে আটকাধীন চাৰিজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
Leave A Comment