• অভিষেক বেনাৰ্জীলৈ ইডিৰ চমনৰ পাছতে মমতা বেনাৰ্জীৰ ৰুদ্ৰৰূপ

    ৰাষ্ট্ৰীয়
    অভিষেক বেনাৰ্জীলৈ ইডিৰ চমনৰ পাছতে মমতা বেনাৰ্জীৰ ৰুদ্ৰৰূপ

    কলকাতা : বিৰোধী দলৰ নেতাৰ বিৰু্দ্ধে বিজেপি চৰকাৰে কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ নতুন নহয়। কেন্দ্ৰীয় সংস্থাৰ তদন্তৰ নামত বিভিন্ন বিৰোধী দলৰ নেতাক চাপত ৰখাৰ কৌশলক লৈ দেশজুৰি বিভিন্ন সময়ত সমালোচনা হৈ আহিছে। এইবাৰ অনুৰূপ অভিযোগ আনিছে পশ্চিমবংগৰ মু্খ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কেন্দ্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।





    বিজেপিয়ে তৃণমূলৰ বিৰুদ্ধে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ ব্যৱহাৰ কৰাৰ অভিযোগ আনিছে মু্খ্যমন্ত্ৰী মমতাই। তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জী আৰু তেওঁৰ পত্নী ৰুজিৰা বেনাৰ্জীলৈ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে চমন জাৰি কৰাৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কয়লাৰ অবৈধ ব্যৱসায়ৰ সৈতে সম্পৰ্কিত ধনৰ অবৈধ লেনদেনৰ গোচৰত তেওঁলোকলৈ চমন জাৰি কৰা হৈছে।





    সাংসদগৰাকীক ৬ ছেপ্টেম্বৰত নতুন দিল্লীত ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে তেওঁৰ পত্নীক ১ ছেপ্টেম্বৰত এজেঞ্চিটোৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পাছতে মমতাই প্ৰত্যাক্ৰমণৰ হুংকাৰ দিয়ে। তেওঁ কয়, আমি কিদৰে প্ৰত্যাক্ৰমণ কৰিব লাগে জানো। আমি গুজৰাটৰ ইতিহাসো জানো। তেওঁ বিজেপিক ৰাজনৈতিকভাৱে যুঁজ দিবলৈ প্ৰত্যাহ্বান জনায়।