National
অষ্ট্ৰিয়াঃ ধনৰ লোভে এজন মানুহক কিমান তললৈ নিব পাৰে, কিমান প্ৰতাৰক হ’ব পাৰে এজন পুত্ৰ! সামান্য কেইটামান টকাৰ বাবে এজন পুত্ৰই কিদৰে প্ৰতাৰণা কৰিব পাৰে নিজ মাতৃক? শেহতীয়াকৈ তেনে এক চাঞ্চল্যকৰ ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। পেঞ্চনৰ ধন উপভোগ কৰিবলৈ মাতৃৰ মৃত্যুৰ খবৰ লুকুৱাই ৰাখিছিল এজন কুলাংগাৰ পুত্ৰই। পেঞ্চনৰ ধন লোভত মৃত মাতৃৰ শৰীৰটো সংৰক্ষণ কৰি এবছৰৰো অধিক সময় ধৰি পেঞ্চনৰ ধন সংগ্ৰহ কৰি আহিছিল এজন পুত্ৰই। পশ্চিম অষ্ট্ৰিয়াৰ টাইৰোল অঞ্চলত এনে এক হৃদয়বিদাৰক ঘটনাই সংঘটিত হৈছে। ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, ৮৯ বছৰীয়া বৃদ্ধাগৰাকীৰ সম্ভৱতঃ বিগত বৰ্ষৰ জুন মাহত মৃত্যু হৈছিল।
তাৰ পাছত তেওঁৰ ৬৬বছৰীয়া পুত্ৰই মৃত শৰীৰটো বৰফৰ পেকেট আৰু বেণ্ডেজেৰে মেৰিয়াই ঘৰৰ পিছফালে লুকুৱাই ৰাখিছিল। শৰীৰৰ পচন আৰু দুৰ্গন্ধ বন্ধ কৰিবলৈ এই কাৰ্যপন্থা গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে। মহিলাগৰাকীৰ পুত্ৰই তেওঁৰ মাতৃৰ মৃত্যুৰ পাছত প্ৰায় ৫০,০০০ ইউৰো পেঞ্চন সংগ্ৰহ কৰা বুলিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।
অঞ্চলটোত নতুন পিয়ন নিযুক্তি পোৱাৰ পাছতে সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহে। উল্লেখ্য যে, পিয়নজনে বৃদ্ধাগৰাকীক লগ কৰিবলৈ বিচাৰিছিল যদিও পুত্ৰই তেওঁক অনুমতি দিয়া নাছিল। ফলত সন্দেহ অধিক ঘণীভূত হৈ পৰে। পিয়নে বৃদ্ধাগৰাকীক দেখা নোপোৱাৰ পাছত ঘটনাতো তদন্তৰ আওতালৈ অনা হয়। ইয়াৰ পাছতে প্ৰতাৰক পুত্ৰৰ বিষয়টো পোহৰলৈ আহে। সম্প্ৰতি আৰক্ষীৰ ওচৰত প্ৰৱঞ্চক পুত্ৰই সকলো ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে। উপাৰ্জনৰ কোনো উপায় নোহোৱা বাবে এনে অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱা বুলি সদৰী কৰে পুত্ৰই।
Leave A Comment