• অসম-মিজো সীমা সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীক সাক্ষাৎ ৰাজ্যৰ সাংসদৰ

    ৰাষ্ট্ৰীয়
    অসম-মিজো সীমা সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীক সাক্ষাৎ ৰাজ্যৰ সাংসদৰ

    নতুন দিল্লী : অসম-মিজোৰামৰ সীমা সমস্যা সমাধান কৰাৰ আহ্বান জনাই আজি অসমৰ বিজেপিৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি প্ৰদান কৰিলে স্মাৰক-পত্ৰ৷ নিদিষ্ট সময়সীমাৰ ভিতৰত অসম-মিজোৰামৰ সীমা সমস্যা সমাধান কৰাৰ আহ্বান জনাই সাংসদসকলে৷





    ‘কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে টুইট কৰি সমস্যাটোৰ অধিক জটিল কৰিবলৈ চেষ্টা কৰিছে’- বুলি উল্লেখ কৰি কংগ্রেছক বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈও আহ্বান জনায়৷ ১৫ বছৰত কংগ্রেছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বহুদূৰ পিছুৱাই নিলে বুলি অভিযোগ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক এক্ট ইষ্ট পলিচীৰ জৰিয়তে বহু আগুৱাই গৈছে৷





    এই পৰিস্থিতিৰ সুযোগ যাতে কোনেও ৰাজনৈতিকভাৱে ল’ব নোৱাৰে, তাৰ বাবে চোকা নজৰ ৰাখিবলৈ সাংসদসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ শান্তি বৰ্তাই ৰাখিবলৈ সকলো ক্ষেত্রত নজৰ ৰাখিবলৈও সাংসদসকলক উপদেশ দিছে প্ৰধানমন্ত্ৰীয়ে৷





    মিজোৰামৰ মাটিৰ পৰাই অসমলৈ গুলীচালনা কৰাটো ধ্ৰুৱ সত্য৷ গতিকে মিজোৰাম চৰকাৰে বিষয়টো অতি সাৱধানেৰে সমাধান কৰিব লাগিব বুলি কয় সাংসদসকলে৷ অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে বিষয়টো সমাধানৰ ক্ষেত্রত যি স্থিতি লৈছে তাক পূৰ্ণ সমৰ্থন আছে অসমৰ সাংসদসকলৰ৷