নতুন দিল্লী : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা তথা সমাজকৰ্মী ছনু ছুডে। দিল্লী চৰকাৰে আৰম্ভ কৰা ‘দেশ কি মেণ্টৰ’ কাৰ্যসূচী ব্ৰেণ্ড এম্বেছাদৰ ৰূপে নিয়োগ কৰিছে অভিনেতাগৰাকীক।
এই কাৰ্যসূচী মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি ছনু ছুডে কয়— ‘দিল্লী চৰকাৰে সকলোকে আগবাঢ়ি অহাৰ বাবে এখন মঞ্চ দিছে। এয়া ডাঙৰ সুযোগ। ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শন কৰাটো এটা ডাঙৰ সেৱা। ইয়াৰ অংশীদাৰ হ’বলৈ পাই মই নিজকে ধন্য অনুভৱ কৰিছোঁ। মই নিশ্চিত, আমি সকলোৱে একেলগে অসম্ভৱক সম্ভৱ কৰিব পাৰো৷’
এই সুযোগতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিনেতা ছনু ছুডক তেওঁৰ কৰ্মৰাজীৰ বাবে ভূয়সী প্ৰশংসা কৰে।
Leave A Comment